জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে সংঘৰ্ষ : নিহত ৩ নিৰাপত্তাৰক্ষী

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে সংঘৰ্ষ : নিহত ৩ নিৰাপত্তাৰক্ষী

ডিজিটেল ডেস্ক : জম্মু-কাশমীৰত সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত কৰ্ণেলসহ ৩ নিৰাপত্তাৰক্ষী নিহত হয়। বুধবাৰে জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাত কোকেৰনাগ অঞ্চলত সেনা আৰু সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত ৩গৰাকীকৈ নিৰাপত্তাৰক্ষী নিহত হয়।

নিহত কেইগৰাকী হ'ল- জম্মু-কাশ্মীৰ আৰক্ষীৰ উপ-অধীক্ষক কৰ্ণেল মনপ্ৰীত সিং, মেজৰ আশীষ ধনষেক আৰু হুমায়ুন ভাট। উল্লেখযোগ্য যে চোৰাংচোৱাৰ খবৰৰ ভিত্তিত মঙলবাৰৰ পৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনা-আৰক্ষীয়ে অভিযান চলাইছিল।

দুদিন ধৰি চলা এই অভিযানত বুধবাৰে অনন্তনাগ জিলাত দুয়োপক্ষৰ মাজত হোৱা সংঘৰ্ষত ৩ নিৰাপত্তাৰক্ষী নিহত হয়। ইফালে উক্ত ঘটনাত আহত সেনা-আৰক্ষীৰ লোকসকলক হেলিকপ্তাৰৰে সুৰক্ষিত স্থানলৈ নি চিকিৎসাৰ ব্যৱস্থা কৰিছে।

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে সংঘৰ্ষ : নিহত ৩ নিৰাপত্তাৰক্ষী
'বাগিচাই বাগিচাই কংগ্ৰেছ' : গৰঙা চাহ বাগিচাত সাংসদ গৌৰৱ গগৈ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in