/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/229d329c-0f91-4e15-b82e-56067a65179f/247.jpg)
ডিজিটেল সংবাদ,বটদ্ৰৱা : বটদ্ৰৱাৰ ক’ৰচোং শ্যামকলীয়া ৰাস মন্দিৰত অনুষ্ঠিত ৮১ সংখ্যক ৰাস উৎসৱৰ তৃতীয় নিশা ভাওনা অনুষ্ঠিত হয়। তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত কাৰ্যসূচী অনুসৰি ২৫ নৱেম্বৰত সন্ধিয়া গন্ধৰ বাদন আৰু নামকীৰ্তন অনুষ্ঠিত হয়।
২৬ নৱেম্বৰৰ পুৱা ধৰ্মধ্বজা উত্তোলন কৰে ক’ৰচোং শ্যামকলীয়া ৰাস উৎসৱ উদযাপন সমিতিৰ সভাপতি অৰুণ শইকীয়াই। ইয়াৰ পাছত ভাগৱত ভ্ৰমণ আৰম্ভ হয়। দুপৰীয়া নামপ্ৰসঙ্গত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই অংশ গ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/b6033f45-bc03-4b89-9d61-30bb1a187207/a24255b1_3a72_408b_b607_ae546029dadf.jpg)
নিশা শ্ৰীকৃষ্ণৰ ৰাসক্ৰীড়া কেলিগোপাল নাট প্ৰদৰ্শন কৰা হয়। কেলিগোপাল নাটৰ শুভ উদ্ধোধন কৰে সমাজকৰ্মী, শিক্ষক ভদ্ৰেশ্বৰ বৰাই। পুৱা উদযাপন সমিতিৰ সম্পাদক বসন্ত বৰাৰ তত্বাৱধানত চাফাই অভিযানৰ পাছত দুপৰীয়া নাম কীৰ্তন কৰা হয়।
নিশা ৯ বজাত প্ৰতিদিন গোষ্ঠীৰ সাংবাদিক, সাংস্কৃতিক কৰ্মী দিব্যজ্যোতি বৰুৱাই উদ্ধোধন কৰা মঞ্চত অঞ্চলৰ বাছকবনীয়া শিল্পী সকলৰ অভিনয়েৰে "ত্ৰিপুৰাসুৰ বধ" ভাওনা প্ৰদৰ্শন কৰা হয়।