/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/bedb74b0-d5e6-4d37-9d98-1679a79c3880/246.jpg)
বিলাসীপাৰাত ১৬ দিনীয়া ৰাস মহোৎসৱৰ শুভ উদ্বোধন
ডিজিটেল সংবাদ,ধুবুৰী : সোমবাৰৰ পৰা ১৬ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ধুবুৰী জিলাৰ বিলাসীপাৰাত পৰম্পৰাগতভাৱে ৬৫ সংখ্যক শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ শুভাৰম্ভ কৰা হয়। অগণণ লোকৰ উপস্থিতিত মেলা আৰু বিভিন্ন অনুষ্ঠান - মেলাৰ মূল দ্বাৰ, প্ৰদৰ্শনীৰ তোৰণ ,ৰাসচক্ৰ,আমোদ উদ্যান,মঞ্চ আদি উদ্বোধন কাৰ্যসুচী পালন কৰা হয়।
ধুবুৰীৰ আৰক্ষী অধীক্ষক নৱীন সিঙে মেলাৰ দ্বাৰ শুভ উদ্বোধন কৰাৰ লগতে জিলাখনৰ আয়ুক্ত দিৱাকৰ নাথে ৰাস চক্ৰটোৰ উদ্বোধন কৰে। বিলাসীপাৰা মহকুমাৰ আৰক্ষী বিষয়া ড° স্মৃতিৰেখা ফুকনে প্ৰদৰ্শনী দ্বাৰৰ উদ্বোধন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/8ec5f399-cb0f-44fe-a860-d3f8b836ed10/14acf75a_a0b8_48ff_84f6_c16b14de7d8b.jpg)
কাৰ্যসূচীৰ লগত সংগতি ৰাখি এখন উদ্বোধনী সভা অনুষ্ঠিত হয়। সভাত অসম চৰকাৰৰ বিপণন নিগমৰ অধ্যক্ষ অশোক কুমাৰ সিংহী,জিলা আয়ুক্ত দিবাকৰ নাথ,আৰক্ষী অধীক্ষক নৱীন সিংৰ লগতে আন আন বহুত বিশিষ্ট ব্যক্তিয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/7b256e46-27b2-49c5-a7db-97ec53f1bb4a/7b49ea85_916e_48d2_b2d3_bf000a76a897.jpg)
এইবেলি বিলাসীপাৰাবাসী ৰাইজৰ মাজত ব্যাপক উৎসাহ উদ্দিপনা পৰিলক্ষিত হৈছে।শ্ৰীকৃষ্ণৰ ৰাস যাত্ৰা কেন্দ্ৰ কৰি অগণণ লোকৰ আগমনত বিলাসীপাৰা ৰাস মহোৎসৱ দ্বিতীয় বৈকুণ্ঠ হিচাপে পৰিলক্ষিত হৈছে।
Also Read: ৰে’লৰ খুন্দাত বনৰীয়া হাতীৰ মৃত্যু