ধিং শাখা কবি সন্মিলনৰ উদ্যোগত 'কাব্যদিন' অনুষ্ঠান সম্পন্ন

ধিং শাখা কবি সন্মিলনৰ উদ্যোগত 'কাব্যদিন' অনুষ্ঠান সম্পন্ন

ডিজিটেল সংবাদ, বেবেজীয়া : সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত নগাঁও জিলা কবি সন্মিলনৰ সক্ৰিয় শাখা ধিং শাখা কবি সন্মিলনৰ আতিথ্যত দেওবাৰে সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী কাব্যদিন অনুষ্ঠান সম্পন্ন হয় । ধিঙৰ বৰভেটি তৰুণ সংঘৰ উদ্যোগত আয়োজিত ৫৬ সংখ্যক বৰভেটি ৰঙালী বিহুৰ মঞ্চত আয়োজিত কাব্যদিন অনুষ্ঠানৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰে ধিং আঞ্চলিক শাখা কবি সন্মিলনৰ সম্পাদক পল্লৱী শৰ্মাই ।

ইয়াৰ পাছতেই ধিং আঞ্চলিক শাখা কবি সন্মিলনৰ সভাপতি কৰবী শইকীয়াৰ নেতৃত্বত পৰিবেশিত হোৱা সমবেত সংগীতৰ দ্বাৰা মূল অনুষ্ঠানৰ শুভাৰম্ভণি ঘটে। সদৌ অসম কবি সন্মিলনৰ সম্পাদক পৱন শৰ্মা আৰু নগাঁও জিলা কবি সন্মিলনৰ সম্পাদক ৰাজু সমীৰণে আঁত ধৰা অনুষ্ঠানত কেইবাটাও সত্ৰত শতাধিক কবিয়ে কবিতা পাঠ কৰে ।

সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ভৱেন চন্দ্ৰ নাথ, প্ৰাক্তন কেন্দ্ৰীয় উপ-সভাপতি ৰাজেন অসমীয়া, নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিত্যানন্দ বৰা, নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকা, নগাঁও জিলা কবি সন্মিলনৰ উপ-সভাপতি শশী কেওট, অশোকৰাম ভট্টাচাৰ্য, সঞ্জীৱ সাগৰ চৌধুৰী, নিৰলা শইকীয়া, কামপুৰ আঞ্চলিক শাখা কবি সন্মিলনৰ সভাপতি গুণ কাকতি, নগাঁও জিলা কবি সন্মিলনৰ সহযোগী সম্পাদক ৰূপম নাথ, প্ৰদ্যুম্ন বৰা, দ্বীপজ্যোতি কাকতি, নৱ কাশ্যপ, কৃষ্ণ দৈমাৰী, দেৱ বৰা, কবিতা বৰা, আশা বৰা মন, পবিত্ৰী ভৰালী, দীপাঞ্জু বৰা, ইন্দিৰা গোস্বামী, ক্ষীৰধৰ শইকীয়া, প্ৰণতি দেৱী,বন্দনা হাজৰিকা,ৰাজু শইকীয়াকে প্ৰমুখ্য কৰি ভালেসংখ্যক কবিৰ কবিতা পাঠে অনুষ্ঠানটি মোহনীয় কৰি তোলে । উল্লেখযোগ্য যে দিগন্ত ভাগৱতী আৰু ধনদা শইকীয়াৰ গীত পৰিৱেশন, ক্ষেমাশ্ৰী মহন্তৰ সত্ৰীয়া নৃত্য প্ৰদৰ্শনৰ দ্বাৰা অনুষ্ঠানটি আৰু অধিক মনোৰম হৈ উঠে ।

অনুষ্ঠানত সদৌ অসম কবি সন্মিলনৰ তৰথৰ পৰা ধিং শাখা কবি সন্মিলনক এখনি সন্মান পত্ৰৰে সন্মানিত কৰা হয় । অৰ্ধশতাধিক শিশুৰ কবিতা আবৃত্তিৰে মুখৰিত অনুষ্ঠানত উপস্থিত কবিসকলক একোটি গছৰ পুলি আৰু একোখনকৈ বিহুৱানেৰে সম্বৰ্ধনা জনোৱা হয় ।

অনুষ্ঠানৰ শেষত ধিং আঞ্চলিক শাখা কবি সন্মিলনৰ সভাপতি কৰবী শইকীয়াই সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ পিছতে কাব্যমন্ত্ৰ পাঠেৰ কাব্যদিনৰ সামৰণি পৰে ।

ধিং শাখা কবি সন্মিলনৰ উদ্যোগত 'কাব্যদিন' অনুষ্ঠান সম্পন্ন
জামুগুৰিহাটৰ ইটাখোলাত নিচাজাতীয় সামগ্ৰী জব্দ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in