/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/9d3a92d9-e7d0-42b3-be15-00751da6e1c0/7.jpg)
ডিজিটেল সংবাদ,কামপুৰঃ সোমবাৰে নগাঁও জিলাৰ কঠিয়াতলি বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যালয়ত এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে কচুৱা তিনিআলি পৰিবহন শ্ৰমিক সন্থাই। অভিযোগ অনুসৰি বৃহৎ কচুৱা অঞ্চলত বিগত কিছু দিন ধৰি কঠিয়াতলি বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়ে অনিয়মীয়া বিদ্যুৎ যোগান ধৰাৰ লগতে ৰাতি ভাগত ভল্টেজ কম হোৱাৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হৈছে স্থানীয় লোক।অতি কম ভল্টেজৰ বাবে বিভাগটোক অভিযোগ দিয়াৰ পিছতো কোনো ফল নধৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ।
সেয়ে সোমবাৰে কঠিয়াতলি বিদ্যুৎ উপ সংমণ্ডলৰ বিষয়াৰ পৰা কৰ্মচাৰীলৈ মিঠাই খুৱাই এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে কচুৱা তিনিআলিৰ পৰিবহন শ্ৰমিক সন্থাই। অঞ্চলটোত বিদ্যুত সেৱা নিয়মীয়া কৰাৰ বাবে দাবী জনাই প্ৰতিবাদকাৰীয়ে। আজিৰ এই অভিনৱ প্ৰতিবাদী কাযসূচীত উপস্থিত থাকে দক্ষিণ পশ্চিম পৰিবহন শ্ৰমিক সন্থাৰ সভাপতি ছইদুৰ ৰহমান,কচুৱা প্ৰেছ ক্লাৱৰ সভাপতি বাহাৰুল ইছলামকে আদি কৰি বহু গণ্যমান্য সাংবাদিক আৰু ৰাইজ।
Also Read: পাঠশালাত কামৰূপী লোকগীতৰ কৰ্মশালা সম্পন্ন