পাঠশালাত কামৰূপী লোকগীতৰ কৰ্মশালা সম্পন্ন

পাঠশালাত কামৰূপী লোকগীতৰ কৰ্মশালা সম্পন্ন

author-image
Asomiya Pratidin
New Update
পাঠশালাত কামৰূপী লোকগীতৰ কৰ্মশালা সম্পন্ন

ডিজিটেল সংবাদ,পাটাছাৰকুছি: "কামৰূপী লোকগীত চৰ্চাৰ আগ্ৰহ তথা প্ৰয়াস পূৰ্বতকৈ অধিক তৰাণ্বিত হৈছে। এয়া খুবেই ভাল কথা। কিন্তু, তাৰ লগে লগে বাঢ়িব লাগিব গৱেষণাত্মক দৃষ্টিভংগী। ন ন গৱেষক আগবাঢ়ি আহিলেহে বা স্বতন্ত্ৰ ৰূপত সামগ্ৰিক বিচাৰ কৰিব পাৰিলেহে কামৰূপী লোকগীতৰ স্বকীয় বৈশিষ্ট্য আৰু মৰ্যাদা অক্ষুণ্ণ থাকিব।" এই মত কামৰূপী লোকগীতৰ গৱেষক তথা কামৰূপী লোকগীত চৰ্চাকেন্দ্ৰ (কালোচ), অসমৰ সমন্বয়ক তুতুল মানৱৰ।

Advertisment

সোমবাৰে পাঠশালাৰ হৰমোহন সংগীত বিদ্যালয়ত অনুষ্ঠিত তিনিদিনীয়া গ্ৰীষ্মকালীন কামৰূপী লোকগীতৰ কৰ্মশালাৰ শুভাৰম্ভণি কৰি এইদৰে কেবাটাও গুৰুত্বপূৰ্ণ মত ব্যক্ত কৰে কামৰূপী লোকগীত চৰ্চাকেন্দ্ৰ (কালোচ), অসমৰ সমন্বয়ক তুতুল মানৱে।

বিদ্যালয়ৰ অধ্যক্ষ তথা কৰ্মশালাৰ মূল উদ্যোক্তা তপন তালুকদাৰে পিতৃ হৰমোহন তালুকদাৰৰ প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পাছত তুতুল মানৱে কৰ্মশালাৰ শুভাৰম্ভণি কৰি উদ্যোক্তাৰ আগ্ৰহ তথা প্ৰয়াসক ধন্যবাদ জনায়।লগতে প্ৰশিক্ষাৰ্থীসকলক স্বাগতম তথা শুভেচ্ছা জ্ঞাপন কৰে।

এই অনুষ্ঠানত উপস্থিত থাকে প্ৰশিক্ষক কামৰূপী লোকগীতৰ এ গ্ৰেড শিল্পী তথা কামৰূপী লোকগীত চৰ্চাকেন্দ্ৰ (কালোচ), অসমৰ সভাপতি ডম্বৰুধৰ পাঠক। উক্ত অনুষ্ঠানত বিশিষ্ট শিল্পী তথা কলা-কুশলী কুশল দাস, কুমাৰ তপন দাস, হাৰুণ আলি, ৰূপেন দাস, নিৰঞ্জন ডেকা, মৃনাল শৰ্মা, হৰগোৱিন্দ ৰয়, দীপক ৰয়, বিৰাজ মেধি, দীপাংকৰ দত্ত প্ৰমুখ্যে বজালীৰ কেবাজনো ব্যক্তি উপস্থিত থাকে।

Also Read: জামুগুৰিহাটত উপ পৌৰপতিক আক্ৰমণ কৰি ৰঙাঘৰৰ আলহী হ'ল ৪ জন

Pathsala lokageet