কঠীয়াতলীত নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদ্যালয়ৰ শুভাৰম্ভ...

মঙলবাৰে নগাঁও জিলাৰ কঠীয়াতলী দৈনিক বজাৰৰ সমীপত "নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদ্যালয়ৰ" শুভ উদ্ভোধন কৰা হয়।

author-image
Asomiya Pratidin
New Update
কঠীয়াতলীত নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদ্যালয়ৰ শুভাৰম্ভ...

ডিজিটেল সংবাদ, নগাঁও : মঙলবাৰে নগাঁও জিলাৰ কঠীয়াতলী দৈনিক বজাৰৰ সমীপত "নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদ্যালয়ৰ" শুভ উদ্ভোধন কৰা হয়।অনুষ্ঠানটোৰ ফিটা কাটি শুভাৰম্ভ কৰে বঢ়মপুৰ বিধান সভা সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে। সেই উপলক্ষে অনুষ্ঠিত সভাত শিক্ষাৰ্থী সকলৰ মাজত স্কুল বেগ বিতৰণ কৰা হয়।

Advertisment

ভাষণ প্ৰসংগত বিধায়ক জিতু গোস্বামীয়ে অৰ্থনৈতিক ভাৱে অক্ষম লোকৰ সন্তানৰ শিক্ষাত ই অৰিহণা যোগাব বুলি মন্তব্য কৰে। সভাত তিৱা স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ মদন বৰদলৈ, নামবৰ লালুং গাঁও পঞ্চায়তৰ সভাপতি অভিষেক সোম, কামপুৰ-কঠীয়াতলী জিলা পৰিষদৰ সদস্য ঘন বৰদলৈ, কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা সন্ধা বেজবৰা, নৃপেন শৰ্মা, সাংবাদিক ঘন বৰাকে প্ৰমুখ্য কৰি কঠীয়াতলীৰ বহু ব্যক্তি উপস্থিত থাকে।

Also Read: মদাৰেই নহয়, কৃষ্ণচূড়াইও আকাশত জুই লগাব পাৰে...

JITU GOSWAMI