/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/95261208-3c31-4bc8-b271-d978a52daa49/Dhua.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ "হৰ ঘৰ নল, হৰ ঘৰ জল"- প্ৰধানমন্ত্ৰী তথা বি জে পি চৰকাৰৰ এখন সপোনৰ আঁচনি । কিমান সফল হ'ল এই আঁচনিখন ? আজিও বহু গ্ৰাম্য অঞ্চলৰ লোকে এটুপি খোৱাপানীৰ বাবে হাঁহাকাৰ কৰিব লগা হৈছে। নগাওঁ কঠীয়াতলী অন্তৰ্গত নিজকঠীয়াতলী গাঁওপঞ্চায়তৰ অধীনত শিংৰাপতিতো খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে এখন গাঁৱৰ লোকে। গাওঁখনৰ জলজীৱন আঁচনি ধোঁৱা চাঙত পৰিণত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।
নগাঁও সংমণ্ডলৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ দ্বাৰা ৰূপায়ণ কৰা ৰাঙলু চাহবাগান জলজীৱন আঁচনিখনে চৰকাৰৰ প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হৈছে বুলি ৰাইজৰ অভিযোগ। আঁচনি আৰম্ভ হোৱাৰ প্ৰথম ৩মাহত পানী যোগান ঠিকেই আছিল যদিও যোৱা ২মাহ ধৰি পানী যোগান বিকল হৈ পৰাত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
জানিব পৰা মতে, গাওঁবাসীয়ে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছিল যদিও তেওঁলোকে গা এৰা মন্তব্য প্ৰদান কৰে। সেয়ে চৰকাৰী প্ৰতিশ্ৰুতি অনুযায়ী ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰাত চৰকাৰ ব্যৰ্থ হৈছে বুলি মন্তব্য গাওঁবাসীৰ। এই ক্ষেত্ৰত অতি শীঘ্ৰে এটা সু-ব্যৱস্থা কৰি দিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষক গাওঁবাসীয়ে অনুৰোধ জনায়।
Also Read: দেশত আকৌ সাম্প্ৰদায়িক সংঘৰ্ষঃ এইবাৰ জ্বলিছে হাৰিয়ানা