দেশত আকৌ সাম্প্ৰদায়িক সংঘৰ্ষঃ এইবাৰ জ্বলিছে হাৰিয়ানা

মণিপুৰৰ জাতিগত সংঘৰ্ষৰ পাছত এইবাৰ দেশত সাম্প্ৰদায়িক সংঘৰ্ষ।

author-image
Asomiya Pratidin
New Update
দেশত আকৌ সাম্প্ৰদায়িক সংঘৰ্ষঃ এইবাৰ জ্বলিছে হাৰিয়ানা

ডিজিটেল ডেস্কঃ মণিপুৰৰ জাতিগত সংঘৰ্ষৰ পাছত এইবাৰ দেশত সাম্প্ৰদায়িক সংঘৰ্ষ। হাৰিয়ানাৰ নুহ জিলাত বিশ্ব হিন্দু পৰিষদে উলিওৱা এক ধৰ্মীয় সমদলক একাংশই আক্ৰমণ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই সংঘৰ্ষ। যি সংঘৰ্ষ এতিয়া বিয়পি পৰিছে ন-ন স্থানলৈ।

Advertisment

সমদলটোক আক্ৰমণ কৰাৰ অভিযোগত এদল উন্মত্তলোকে গুৰুগ্ৰামৰ এটা মজজিদত অগ্নিসংযোগ কৰি ইমামৰ লগতে আন দুজনক হত্যা কৰে। এই ঘটনাৰ পাছত ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে মঙলবাৰে নিশা গুৰুগ্ৰামত দেখা গ'ল ২০০জনীয়া অস্ত্ৰ-শস্ত্ৰৰ এটা দলে দোকান তথা কেইবাটাও স্থানত অগ্নি সংযোগ কৰাৰ ঘটনা।

এইদৰে ইটোৰ পাছত সিটো প্ৰতিক্ৰিয়া বৃদ্ধি পোৱাত গুৰিগ্ৰামত কঠোৰ হৈ পৰিছে প্ৰশাসন। প্ৰশাসনে ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ জিলাখনত পেট্ৰ'ল আৰু ডিজেল বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে । ইপিনে গুৰুগ্ৰামৰ সীমান্তৱৰ্তী চোহনাত সংঘৰ্ষৰ বাবে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ বুধবাৰে বন্ধ ৰখাৰ কথা ঘোষণা কৰে জিলা প্ৰশাসনে। উল্লেখ্য জিলাখনত ইতিমধ্যেই বাতিল কৰা হৈছে বৰ্ডৰ পৰীক্ষা।

সমান্তৰালভাবে জিলাখনৰ কেইবাটাও স্থানত বন্ধ কৰা হৈছে ইণ্টাৰনেট সেৱা। এই সাম্প্ৰদায়িক সংঘৰ্ষ চুবুৰীয়া ৰাজ্য ৰাজস্থান-উত্তৰ প্ৰদেশতো বিয়পি পৰাত ৰাজ্যকেইখনত জাৰি কৰা হৈছে সতৰ্কতা। খবৰ অনুসৰি ৰাজস্থানৰো দুই-এটা স্থানত ইতিমধ্যেই বন্ধ কৰা হৈছে ইণ্টাৰনেট সেৱা। ইপিনে এই ঘটনাৰ বাবে বিশ্ব হিন্দু পৰিষদে বুধবাৰে দেশজুৰি প্ৰতিবাদৰ আহ্বান জনোৱাত ঠায়ে ঠায়ে দেখা গৈছে প্ৰতিবাদী কাৰ্যসূচী।

উল্লেখ্য এই ঘটনাত ইতিমধ্যেই প্ৰাণ হেৰুৱাইছে ৫জনকৈ লোকে। ইয়াৰে দুজন আছিল গৃহৰক্ষী বাহিনীৰ জোৱান। জোৱানকেইজনৰ মৃত্যুত পৰিয়াললৈ ৫৭ লাখ টকা আগবঢ়াইছে হাৰিয়ানা চৰকাৰে। এই ঘটনাৰ সন্দৰ্ভত বিভিন্ন স্থানত ৪৪খনৰো অধিক এজাহাৰ দাখিল হোৱাৰ কথাও প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত। তদুপৰি এই পৰ্যন্ত ঘটনাৰে জড়িত ৭০জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Also Read: অৱশেষত আটক বজৰং দলৰ কৰ্মীঃ অব্যাহত আৰক্ষীৰ অভিযান

Hariyana Nuh Violence Govt of India