ৰঙিয়াৰ কণিহা মজলীয়া বিদ্যালয়ত সামূহিক উৎসৱ

ৰঙিয়াৰ কণিহা মজলীয়া বিদ্যালয়ত সামূহিক উৎসৱ

author-image
Asomiya Pratidin
New Update
ৰঙিয়াৰ কণিহা মজলীয়া বিদ্যালয়ত সামূহিক উৎসৱ

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়াৰ কণিহা মজলীয়া বিদ্যালয়ত বড়িগোগ মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত সোমবাৰে সামূহিক উৎসৱ অনুষ্ঠিত হয় ।বৃহত্তৰ অঞ্চলটোৰ ৯খনকৈ বিদ্যালয়ে ঐক্যবদ্ধ ভাবে অনুষ্ঠিত কৰে এই উৎসৱ ।তদুপলক্ষে আকৰ্ষণীয় কাৰ্যসূচী ৰূপে খেল সমাৰোহ অনুষ্ঠিত কৰা হয়।

Advertisment

ইয়াৰ পিছতে উৎসৱ উদযাপন সমিতিৰ সভাপতি হেমেন কলিতাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় । মহেশ ডেকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত উদ্বোধনী ভাষণ ৰাখে কামৰূপ জিলা সাংবাদিক সন্থাৰ সম্পাদক তৰণীচৰণ কলিতাই ।

সভাত ৰঙিয়া শিক্ষা খণ্ডৰ ভাৰপ্ৰাপ্ত শিক্ষা বিষয়া মইনুল হক চৌধুৰী ,কৃতি শিক্ষক জয়ন্ত কুমাৰ শৰ্মাৰ লগতে ময়িদুল ইছলাম,ডিম্বেশ্বৰ ডেকা ,অমল ভৰালী প্ৰমুখ্যে কেবাগৰাকী আমন্ত্ৰিত অতিথি উপস্থিত থাকি শিক্ষামূলক ভাষণ ৰাখে । অনুষ্ঠান টোৰ আঁত ধৰে সম্পাদক মহিউদ্দিন ৰেজ্জাকে ।

Also Read: লাংহিনৰ বগাদলত শ্ৰী শ্ৰী গণেশ পূজা আৰু উৎসৱৰ আয়োজন..