কঠীয়াতলিত মুকলি আকাশৰ তলত পঠদান কৰিছে ছাত্ৰ -ছাত্ৰীয়ে

কঠীয়াতলিত মুকলি আকাশৰ তলত পঠদান কৰিছে ছাত্ৰ -ছাত্ৰীয়ে

ডিজিটেল সংবাদ, কামপুৰঃ কঠীয়াতলি শিক্ষাখণ্ডৰ অন্তৰ্গত গণেশপুৰ মনাওশ্ৰী প্ৰাথমিক বিদ্যালয়ত বৰপথাৰ পঞ্চায়তে নিৰ্মান কৰা গৃহৰ তিনিবছৰে নিৰ্মান সম্পূৰ্ণ নহ'ল। যাৰ কাৰণে গৃহৰ অভাৱত মুকলি আকাশৰ তলত অধ্যয়ন কৰিছে ছাত্ৰ-ছাত্ৰীয়ে।

উল্লেখ্য যে কঠীয়াতলি শিক্ষাখণ্ডৰ অন্তৰ্গত এই বিদ্যালয়খনত দীৰ্ঘ দিনধৰি ছাত্ৰ -ছাত্ৰীৰ বিপৰীতে শ্ৰেণীকোঠাৰ অভাৱত ভুগি আহিছে । বৰ্তমান বিদ্যালয়খনত দুশ ছাত্ৰ -ছাত্ৰীৰ বিপৰীতে শিক্ষক দুজন, শ্ৰেনী কোঠালীও দুটা থকাৰ বাবে ব্যাপক সমস্যাৰ সৃষ্টি হৈছে।

জানিব পৰা মতে বিদ্যালয়খনত কঠীয়াতলি উন্নয়ন খণ্ডৰ অন্তুৰ্গত বৰপথাৰ গাঁও পঞ্চায়তে বিদ্যালয়খনত এক চৰকাৰী আঁচনিৰ জৰিয়তে এটা অতিৰুক্ত শ্ৰেণীকোঠা নিৰ্মানৰ বাবে চাৰিলাখ টকা অনুমোদন দি কাম হাতত লৈছিল। কিন্তু আজিকোপতি এই গৃহটো কাম সম্পূৰ্ণ নহ'ল।

তাৎপৰ্য্য পূৰ্ণ যে কঠীয়াতলি উন্নয়ন খণ্ডৰ বৰপথাৰ পঞ্চায়তে কৰা এই কামটোত কোনো ফলক নলগোৱাত ৰাইজে সঠিক তথ্যৰ জ্ঞাত নোহোৱাৰ অভিযোগ উঠিছে।অভিযোগ মতে কামতো নিৰিক্ষণৰ বাবে উন্নয়ন খণ্ডৰ কোনো অভিযন্ত্ৰা বিষয়া উপস্থিত নোহোৱা এই কামৰ চোৱা চিতাৰ দ্বায়িত্ব বহন কৰিছিল বৰপথাৰ গাঁও পঞ্চায়তৰ প্ৰয়াত সভানেত্ৰীৰ স্বামী নৃপেন নাথে। এই শ্ৰেণী কোঠাটো নিৰ্মাণ সম্পূৰ্ণ হ'লেও ছাত্ৰ -ছাত্ৰীৰ শিক্ষাদানত কিছু সকাহ হ'লহেতেন বুলি মত প্ৰকাশ কৰিছে বিদ্যালয়খনৰ সভাপতিগৰকীৰ লগতে প্ৰধান শিক্ষক গৰাকীয়ে।

কঠীয়াতলিত মুকলি আকাশৰ তলত পঠদান কৰিছে ছাত্ৰ -ছাত্ৰীয়ে
আজি প্রদান কৰা হ’ব ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in