কঠীয়াতলীত অমৃত সৰোবৰ আঁচনিত বৃহৎ অনিয়ম!

agrani khabar
agrani khabar

ডিজিটেল সংবাদ, কামপুৰঃ মুখ্যমন্ত্ৰীৰ আন এক অভিলাষী আঁচনি "অমৃত সৰোবৰত" বৃহৎ অনিয়ম হোৱাৰ অভিযোগ উঠিছে নগাঁও জিলাত। পূৰ্বৰ ৰহা সমষ্টিৰ বৰ্তমানৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত কঠীয়াতলী উন্নয়ন খণ্ডৰ কচুৱা পঞ্চায়তত এই বৃহৎ অনিয়মৰ অভিযোগ উঠিছে।

উল্লেখ্য যে কচুৱা পঞ্চায়তৰ অন্তৰ্গত খাবল বিলত প্ৰায় ৩৩ বিঘা মাটিত তিনিটাকৈ পুখুৰী খান্দি থকা হৈছে। অভিযোগ অনুসৰি এই তিনিওটা পুখুৰীত বেৰা দিয়াৰ বাবে ২৭লাখ টকা অনুমোদন দিয়া হয়।ইতিমধ্যে বেৰাৰ কাম সম্পূৰ্ণ নকৰাকৈ সম্পূৰ্ণ টকা পুখুৰী নিৰ্মাণৰ লগত জড়িতসকলে উঠোৱা বুলি জনা গৈছে। কিন্তু বেৰা দিয়াৰ নামত কেইবামাহ আগতে কেইটামান লোৰ খুটিহে পুতি থোৱা দেখা গৈছে। কোনো কোনো ঠাইত লোৰ খুটি কেইটাও পোতা নাই। এই সম্পৰ্কত কচুৱাৰ ৰাঙলুবস্তীৰ নজৰুল ইছলাম নামৰ এজন লোকে নগাঁও জিলাৰ আয়ুক্তক দিয়া অভিযোগৰ ভিত্তিত আয়ুক্ত নৰেন্দ্ৰ শ্বাহে নগাঁও জিলাৰ পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্তু গগৈক তদন্তুৰ দ্বায়িত্ব অৰ্পন কৰে।

আনফালে ৰাইজৰ অভিযোগৰ ভিত্তিত কচুৱা পঞ্চায়তৰ এই আঁচনিসমূহৰ লগতে বৰপথাৰকে আদি কৰি কেইবাখনো পঞ্চায়তত সহঃঅভিযন্ত্ৰা হিচাবে কাম কৰি কাৰ্যনিৰ্বাহ কৰি থকা ৰাজদ্বীপ শইকীয়াক পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ ৰহঢলা গাঁও পঞ্চায়তলৈ শাস্তিমূলক বদলি নিদেৰ্শ দিয়ে নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ শ্বাহে। ৰহস্যজনকভাৱে যোৱা ১৫মাৰ্চতে দিয়া আয়ুক্তগৰাকীৰ এই নিদেৰ্শকো সহঃ অভিযন্ত্ৰাগৰাকীয়ে কেৰেপ নকৰি চকী এৰি দিব নিবিচৰাৰ অভিযোগ কৰিছে ৰাইজে। আনফালে কঠীয়াতলী উন্নয়ন খণ্ড বিষয়া শ্বেতা পদ্মা শৰ্মাই এইগৰাকী সহঃ অভিযন্ত্ৰাক ৰক্ষনা-বেক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হৈছে।

agrani khabar
কাছাৰৰ জিৰিঘাটত নিচাযুক্ত সামগ্ৰী জব্দ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in