/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/cf39e0bd-9f4d-47d2-88b8-7c43346ec315/17.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত আছে। শনিবাৰৰ নিশা ধলাই এলেকাত দুই কোটি টকাৰ হেৰ'ইন জব্দ কৰাৰ পিছত দেওবাৰে জিৰিঘাটৰ পৰা জব্দ কৰা হয় বুজন পৰিমাণৰ নিচাজাতীয় য়াবা টেবলেট। গোপন তথ্যৰ ভিত্তিত লক্ষীপুৰৰ এছডিপিঅ' পাৰ্থপ্ৰতীম দুৱৰাৰ নেতৃত্বত আৰক্ষীৰ দল এটাই জিৰিঘাটৰ উত্তৰ লালপানীত অভিযান চলাই জব্দ কৰে ১০ হাজাৰ য়াবা টেবলেট।
হিলাল উদ্দিন বৰভূঞা নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা জব্দ কৰা হয় টেবলেটখিনি। ক'লা বজাৰত জব্দ কৰা টেবলেট খিনিৰ মুল্য প্ৰায় দুই কোটি টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে। ইফালে, টেবলেট সৰবৰাহ কৰা হিলাল উদ্দিন বৰভূঞাক গ্ৰেপ্তাৰ কৰা হয়। ধৃত হিলাল উদ্দিনৰ ঘৰ জিৰিঘাটৰ উত্তৰ লালপানী গাঁৱত। গ্ৰেপ্তাৰৰ পিছত হিলাল উদ্দিনক জেৰা অব্যাহত ৰাখিছে জিৰিঘাট থানাৰ আৰক্ষী আৰু এছডিপিঅ' গৰাকীয়ে।
Also Read: অনিদিৰ্ষ্ট কাললৈ বন্ধ হোৱাৰ সম্ভাৱনা বটলিফ টি ফেক্টৰী