কঠীয়াতলীত ফাগুৱা আৰু বসন্ত উৎসৱ উদযাপন

কঠীয়াতলীত ফাগুৱা আৰু বসন্ত উৎসৱ উদযাপন

ডিজিটেল সংবাদ, কামপুৰঃ বিগত বৰ্ষৰ দৰে চলিত বৰ্ষটো কঠীয়াতলী ৰেংবেং আঞ্চলিক আদিবাসী ফাগুৱা আৰু বসন্ত উৎসৱ উদযাপন সমিটিৰ উদ্যোগত ২৭মাৰ্চৰ পৰা ৩০মাৰ্চলৈ তিনিদিনীয়া কায্যসূচীৰে গৰুবন্ধা মিকিৰগাওঁ(মালডাংগা) খেলপথাৰত অনুস্থিত হোৱা ফাগুৱা আৰু বসন্ত উৎসৱ উদযাপনৰ সামৰণি পৰে।

বিভিন্ন কায্যসূচীৰে অনুস্থিত হোৱা এই উৎসৱৰ শেষৰ দিনা পুৱা পতাকা উত্তোলন,শ্বহীদ তৰ্পন,ৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত কবিতা আবৃতি,চিত্ৰাংকণ, কুইজ, খেলধেমালীৰ ওপৰিও ভিন্ন সাংস্কৃতিক প্ৰতিযোগীতাৰ লগতে এখনি মুকলি সভা আৰু নিশাৰ ভাগলৈ এক আধুনিক নৃত্য প্ৰতিযোগীতা অনুস্থিত হয়।

ভাৰতীয় ইতিহাসৰ লগত জড়িত ফাগুৱা উৎসৱটি উদযাপনৰ জড়িয়তে জাতীয় কলা-কৃষ্টি বিকাশ ও প্ৰচাৰৰ বাবে তুচ্ছ প্ৰয়াস কৰিছে আয়োজক সমিতিয়ে। পৰম্পৰাগতভাৱে উদযাপিত হৈ অহা এই উৎসৱলৈ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে অঞ্চলটোৰ বহু সংখ্যাক ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে। তিনিদিনীয়াকৈ উদযাপন কৰা এই অনুষ্ঠান ভাগত অংশগ্ৰহণ কৰাৰ লগতে সহায় সহযোগিতা তথা দিহা পৰামৰ্শ আগবঢ়োৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰে আয়োজক সমিতিয়ে।

কঠীয়াতলীত ফাগুৱা আৰু বসন্ত উৎসৱ উদযাপন
গুৱাহাটীত অগপ-বিজেপি-ইউ পি পি এলৰ যৌথ বৈঠক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in