গুৱাহাটীত অগপ-বিজেপি-ইউ পি পি এলৰ যৌথ বৈঠক

agrani khabar
agrani khabar

ডিজিটেল সংবাদ, গুৱাহাটীঃ শনিবাৰে গুৱাহাটীস্থিত বড়োলেণ্ড অতিথিশালাত অগপ-বিজেপি-ইউ পি পি এল মিত্ৰজোঁটৰ মুখপাত্ৰসকলৰ এখন যৌথ বৈঠকত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান শক্তিশালী কৰাৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। ইউ পি পি এল জ্যেষ্ঠ নেতা তথা বি টি আৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, বিজেপি অসম প্রদেশৰ মুখ্য মুখপাত্র মনোজ বৰুৱা আৰু অগপৰ সাধাৰণ সম্পাদক সুনীল ডেকাৰ সঞ্চালনাত অনুষ্ঠিত সভাত তিনিওটা দলৰ মুখপাত্র, পেনেলিষ্ট সকল উপস্থিত থাকে।

সভাত সমাগত লোকসভা নির্বাচনত কেউটা ৰাজনৈতিক দলৰ সংবাদ বিভাগে লোকসভা সমষ্টিভিত্তিত যৌথ প্ৰচাৰ অভিযান চলোৱা, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ, ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ, প্রমোদ বড়ো নেতৃত্বাধীন বি টি আৰ চৰকাৰৰ কল্যাণকামী পদক্ষেপসমূহ তথ্যসহ শক্তিশালীভাৱে উপস্থাপন কৰা, অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠী সমূহৰ আৰ্থ-সামাজিক ৰাজনৈতিক দিশ শক্তিশালী কৰাৰ বাবে চৰকাৰে গ্রহণ কৰা পদক্ষেপসমূহক জনতাৰ মাজলৈ লৈ যোৱাকে ধৰি কেইবাটাও সিদ্ধান্ত গ্রহণ কৰা হয়।

লগতে প্রতিটো লোকসভা সমষ্টিত তিনিওটা ৰাজনৈতিক দলৰ মুখপাত্ৰৰ উপস্থিতিত যৌথ সংবাদমেলৰ জৰিয়তে সমষ্টিভিত্তিত উন্নয়নৰ খাতিয়ানো ৰাইজৰ ওচৰত দাঙি ধৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। সভাত ইউ পি পি এলৰ নেতা তথা বি টি আৰৰ কাৰ্যবাহী সদস্যদ্বয় ৰাকেশ ব্রহ্ম, উইলচন হাজদা, বিজেপিৰ ৰাজ্যিক সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল, অগপৰ সাধাৰণ সম্পাদক ড০ তপন দাস প্রমুখ্যে নেতৃবৃন্দ উপস্থিত থাকে।

agrani khabar
কলিয়াবৰৰ কুলিডোঙাত পথ দুৰ্ঘটনাঃ নিহত এজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in