কঠীয়াতলীত প্ৰতিমা নিৰ্মাণত ব্যস্ত মৃৎ শিল্পী

কঠীয়াতলীত প্ৰতিমা নিৰ্মাণত ব্যস্ত মৃৎ শিল্পী

ডিজিটেল সংবাদ, কামপুৰঃ এতিয়া শৰতৰ বতৰ। শৰতৰ আগমনে আনে পূজাৰ বতৰা। শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথো কেইটামান দিন বাকী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া উখল মাখল পৰিৱেশ। ব্যস্ততাৰ শেষ নাই "মৃৎ শিল্পী"সকলৰ। প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত মৃৎ শিল্পীসকল।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কঠীয়াতলীৰ মৃৎ শিল্পীসকলেও নিৰ্মান কৰিছে দূৰ্গা দেৱীৰ প্ৰতিমা। কঠীয়াতলী অঞ্চলৰ পূজা উদযাপন সমিটিসকলৰ বাবে অতি সুন্দৰকৈ নিৰ্মাণ কৰি থকা হৈছে প্ৰতিমাসমূহ। অহা ইং ২০ অক্টোবৰ ৰ পৰা আৰাম্ভ হ'ব লগা দূৰ্গা পূজালৈ কঠীয়াতলীৰ "মৃৎ শিল্পী"শিল্পালয়ৰ শিল্পীসকলে বৰ্তমান সম্পূন্নৰূপে প্ৰতিমা নিৰ্মাণত ব্যস্ত থকা পৰিলক্ষিত হৈছে।

কঠীয়াতলীত প্ৰতিমা নিৰ্মাণত ব্যস্ত মৃৎ শিল্পী
২ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত-দক্ষিণ আফ্ৰিকাৰ হাই ভল্টেজ মেচ…     

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in