২ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত-দক্ষিণ আফ্ৰিকাৰ হাই ভল্টেজ মেচ…     

২ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত-দক্ষিণ আফ্ৰিকাৰ হাই ভল্টেজ মেচ…     

author-image
asomiyapratidin
New Update
২ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ভাৰত-দক্ষিণ আফ্ৰিকাৰ হাই ভল্টেজ মেচ…      

ডিজিটেল ডেস্ক : গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অক্টোবৰৰ ২ তাৰিখে অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত  দ্বিতীয়খন টি-২০ ক্ৰিকেট মেচ। সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ'ব মেচখন। পূৰ্বেও বৰ্ষাপাৰাত অনুষ্ঠিত হৈছিল ভাৰতৰ সৈতে আন ক্ৰিকেট দলৰ আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ মেচ।

বি.চি.চি.আয়ে অসমৰ বৰ্ষাপাৰা ষ্টেডিয়ামত এই আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল অনুষ্ঠিত কৰাৰ সুযোগ দিয়াৰ বাবে অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়াই ধন্যবাদ জ্ঞাপন কৰে। উক্ত মেচখন মুঠ ৪৫,৫০০ দৰ্শকে একেলগে উপভোগ কৰিব পাৰিব বুলিও অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদক গৰাকীয়ে জানিবলৈ দিয়ে।

খেলখন কোনো অসুবিধা নোহোৱাকৈ দৰ্শকে ভালদৰে উপভোগ কৰাৰ লগতে খেলুৱৈ সকলে সুন্দৰকৈ খেলিব পৰাকৈ এতিয়াৰে পৰা চলোৱা হৈছে প্ৰস্তুতি।

আৰু পঢ়ক : ৬ বছৰ ধৰি নিৰুদ্দেশ কিৰণ হাতীমূৰীয়া, চিন্তিত পৰিয়াল

assam south africa cricket bcci himanta biswa sarma india