কঠীয়াতলীৰ এজন যুৱকৰ স্বাৱলম্বিতাৰ নিদৰ্শন

২৫জনী গাই পুহি দৈনিক ১২০ লিটাৰ গাখীৰ বিক্ৰী কৰে জাহেদ আলিয়ে
কঠীয়াতলীৰ এজন যুৱকৰ স্বাৱলম্বিতাৰ নিদৰ্শন

ডিজিটেল সংবাদ, কঠীয়াতলীঃ চৰকাৰী চাকৰিলৈ বাট নাচাই নগাঁওৰ কঠীয়াতলীৰ এজন শিক্ষিত যুৱকে বাচি লৈছে কৰ্মসংস্থাপনৰ এক সুন্দৰ নিদৰ্শন। জাহেদ আলি নামৰ যুৱকজনে ঘৰতে উন্নত মানৰ গাই-গৰু পুহি নিজৰ লগতে আন তিনিজনক সংস্থাপন দি আহিছে।

উল্লেখ্য যে ২০১৫ চনৰ পৰা আৰাম্ভ কৰা এই গাইগৰু ৰ্ফাম খনত বৰ্তমান ২৫ জনী গাই গৰু পোহপাল দি আহিছে। দৈনিক ১২০ লিটাৰ গাখীৰ উৎপাদন কৰি অঞ্চলটোৰ লগতে নগাওঁ, গুৱাহাটীলৈও প্ৰেৰণ কৰে দুগ্ধ।

জানিব পৰা মতে নগাঁৱৰ লগতে গুৱাহাটী, ৰানী, গুজৰাট আৰু শিলিগুৰিত প্ৰশিক্ষণ লৈ অহা জাহেদে ২০২১ বৰ্ষত নগাওঁ জিলাৰ শ্ৰেষ্ঠ দুগ্ধ ডায়েৰী হিচাপে পুৰস্কাৰ লাভ কৰাৰ লগতে "পুৰবী" ডায়েৰী পৰাও আদৰ্শ ৰ্ফাম হিচাপে স্বিকৃতি লাভ কৰিছে। যুৱকজনৰ এনে কৰ্ময়ে এতিয়া আন দহজনৰ বাবে আদৰ্শ হৈ পৰিছে। চৰকাৰী চাকৰিলৈ বাট নাচাই ব্যবসায়ৰ যোগেদি আত্মনিভৰশীল হোৱা এইজন যুৱকক এতিয়া শলাগ লৈছৈ অঞ্চলবাসীয়ে।

কঠীয়াতলীৰ এজন যুৱকৰ স্বাৱলম্বিতাৰ নিদৰ্শন
বটদ্ৰৱাত এখন বিদ্যালয়ৰ কৰ্তৃপক্ষৰ ভয়ংকৰ কাণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in