বটদ্ৰৱাত এখন বিদ্যালয়ৰ কৰ্তৃপক্ষৰ ভয়ংকৰ কাণ্ড

বটদ্ৰৱাত এখন বিদ্যালয়ৰ কৰ্তৃপক্ষৰ ভয়ংকৰ কাণ্ড

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ যি সময়ত দেশৰ প্রধান মন্ত্রী নৰেন্দ্র মোডীৰ স্বচ্ছ ভাৰত অভিযানত দেশৰ প্ৰতিজন নাগৰিকে স্বচ্ছ ভাৰত অভিযানত অংশগ্ৰহণ কৰি নিজৰ লগতে সমাজ খনক স্বচ্ছ কৰাৰ সংকল্প লৈছে ঠিক সেই সময়তে বটদ্ৰৱাত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ কৰ্ম কাণ্ডই চিন্তিত কৰি তুলিছে সকলোকে। ব্যক্তিগত খণ্ডৰ এই বিদ্যালয় খনৰ নাম ৰামপুৰ চলাপথাৰ জাতীয় বিদ্যালয় । নামত জাতীয় বিদ্যালয় যদিও বিদ্যালয় খনৰ কেইজনমান শিক্ষকৰ মইমতালিৰ বাবেই এতিয়া মানৱ সম্পদ গঢ় দিয়া শিক্ষা অনুষ্ঠান হৈ পৰিছে এটা পৰিয়ালৰ বাবে বিপজনক।

বিদ্যালয় খনত থকা জাৱৰ-জোথৰৰ সমান্তৰালকৈ বিভিন্ন লেটেৰা সামগ্ৰীসমূহ এটা পুখুৰীত পেলাই। যাৰ বাবে প্ৰায় তিনি বিঘা মাটিৰে আবৰি থকা পুখুৰীটোত কুইণ্টলে কুইণ্টলে মাছ মৃত্যু হয় । কিন্তু তথাপিও কোনো ভ্ৰূক্ষেপ নাই বিদ্যালয়ৰ কৰ্তৃপক্ষৰ। য'ত ছাত্ৰ ছাত্ৰীক মানৱতাৰ পাঠ দিয়ে সেই শিক্ষা অনুষ্ঠানৰ এনে কাণ্ডজ্ঞানহীন কাণ্ডই সকলোকে চিন্তিত কৰি তুলিছে।

উল্লেখ্য যে বটদ্ৰৱাৰ ৰামপুৰ চলাপথাৰ জাতীয় বিদ্যালয়ৰ এই কাণ্ড এইয়াই প্ৰথম নহয় পূৰ্বৰে পৰা বিদ্যালয়ৰ পেলনীয়া জাৱৰ-জোথৰৰ লগতে মল-মূত্ৰসমূহ পুখুৰীত পেলোৱাৰ বাবে অকাল মৃত্যু ঘটিছে মাছসমূহৰ। বিদ্যালয়ৰ কতৃপক্ষক বাৰে বাৰে আৱেদন জনোৱাৰ পিছতো কোনো সু-ফল নাপালে আব্দুল ছালাম নামৰ ব্যক্তিজনে । বৰঞ্চ এইবাৰো পুনৰ একে পৰিস্থিতিৰ সন্মুখীন হৈ মূৰে কপালে হাত-দি ন্যায় বিচাৰি বটদ্ৰৱা আৰক্ষীৰ কাষ চপাৰ লগতে বাধ্য হৈছে সাংবাদিকৰ কাষ চাপিবলৈ।

উল্লেখ্য যে ৰামপুৰৰ আব্দুল ছালাম নামৰ ব্যক্তিজনে কেইবছৰ মান পূর্বে নিজৰ ভূমি দান দি নিৰ্মাণ কৰিছিল এই বিদ্যালয়খন । কিন্তু বিদ্যালয়খনৰ নুৰজামাল আনচাৰী আৰু ছফিকুল ইছলামৰ নেতৃত্বত কেইজনমান ব্যক্তিয়ে ময়মতালি কৰি শিক্ষানুষ্ঠানখনক এক অৰাজগতাৰ সৃষ্টি কৰি আহিছে।

বটদ্ৰৱাত এখন বিদ্যালয়ৰ কৰ্তৃপক্ষৰ ভয়ংকৰ কাণ্ড
বঙাইগাঁৱত ২নাৰী সৰবৰাকাৰী আটক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in