কঠীয়াতলীত অমৃত সৰোবৰ আঁচনিত অনিয়মৰ অভিযোগ

কঠীয়াতলীত অমৃত সৰোবৰ আঁচনিত অনিয়মৰ অভিযোগ

author-image
Asomiya Pratidin
New Update
কঠীয়াতলীত অমৃত সৰোবৰ আঁচনিত অনিয়মৰ অভিযোগ

ডিজিটেল সংবাদ,কামপুৰ: মুখ্যমন্ত্ৰীৰ আন এক অভিলাষী আঁচনি অমৃত সৰোবৰত বৃহৎ অনিয়ম হোৱাৰ অভিযোগ উঠিছে নগাঁও জিলাত। বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত কঠীয়াতলী উন্নয়ন খণ্ডৰ তেতেঁলিসৰা গাঁও পঞ্চায়তত এই বৃহৎ অনিয়মৰ অভিযোগ উঠিছে। উল্লেখ্য যে তেতেঁলিসৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত বামুনিজান কিচামতৰ প্ৰায় এঘাৰ বিঘা মাটিত এটা পুখুৰী খান্দি থকা হৈছে।

Advertisment

অভিযোগ অনুসৰি এই পুখুৰীটো বেৰা দিয়াৰ বাবে ন লক্ষ টকা অনুমোদন দিয়া হয়।ইতিমধ্যে বেৰাৰ কাম সম্পূৰ্ণ কৰা হৈছে যদিও পুখুৰী নিৰ্মাণৰ লগত জড়িত সকলে ব্যাপক অনিয়ম কৰাৰ অভিযোগ উঠিছে। ৰাইজৰ অভিযোগ লোৰ কাইটিয়া তাঁৰৰ বেৰা সমূহ কেইবামাহ আগতে নিৰ্মাণ কৰা হৈছিল ষদিও এই বেৰ সমূহ অতিকে চাপৰ কৰি নিৰ্মাণ কৰা হৈছে।

তাৰোপৰি যি বেৰ দিলে ইয়াক সম্পূৰ্ণ কৰিব নোৱাৰাত গৰু ছাগলীৰ চৰনিয়া পথাৰত পৰিণত হৈছে। অমৃত সৰোবৰৰ পাৰত আটক ধুনীয়া বাগিছা নিৰ্মাণৰ নামতো ব্যাপক অনিয়মৰ অভিযোগ উঠিছে।

ফল-মূলৰ বাগিছা নিৰ্মাণৰ নামত কেইটামান নাৰিকল আৰু তামোলৰ পুলি ৰুই দ্বায়িত্ব সামৰাৰ অভিযোগ পোৱা গৈছে। পুখুৰীৰৰ পাৰত পোহৰৰ ব্যৱস্থাৰ বাবে পাঁচটাকৈ সৌৰশক্তিৰে লাইটৰ ব্যৱস্থা কৰা হৈছিল যদিও বৰ্তমান তিনিটাহে লাইট ওলমি দেখিবলৈ পোৱা গৈছে।

পুখুৰীৰৰ পাৰলৈ যোৱা পথ লগতে গেট আৰু গৃহ নিৰ্মাণৰ কাম আজি আৰম্ভ কৰা নাই।ইফালে কঠীয়াতলী উন্নয়ন খণ্ড পুখৰীৰ কাম সম্পূৰ্ণ নকৰাকৈ আত্মসহায়ক গোটৰ হাতলৈ পুখৰীত হস্তান্তৰ কৰিব বিচৰা কাৰ্যক সহজ ভাবে ল'ব পৰা নাই স্থানীয় ৰাইজে।ৰাইজে সমগ্ৰ বিষয়তো তদন্ত কৰি ব্যৱস্থা লোৱাৰ বাবে দাবী জনাইছে।

Also Read: বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ অপ্ৰতিৰোধ্য ৰেকৰ্ডঃ বতৰে বাধা দিলেই নিশ্চিত বিপদ...

amrit sarobar scheme kathiatali