বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ অপ্ৰতিৰোধ্য ৰেকৰ্ডঃ বতৰে বাধা দিলেই নিশ্চিত বিপদ...

বিৰাট, ডুবেৰ প্ৰদৰ্শনে চিন্তিত কৰিছে ভাৰতক
বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ অপ্ৰতিৰোধ্য ৰেকৰ্ডঃ বতৰে বাধা দিলেই নিশ্চিত বিপদ...
বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ অপ্ৰতিৰোধ্য ৰেকৰ্ডঃ বতৰে বাধা দিলেই নিশ্চিত বিপদ...
Published on
Updated on

ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপত আজি ভাৰতৰ সন্মুখত চুবুৰীয়া বাংলাদেশ। মেচখনত বিজয়ী হ’লেই ছেমি ফাইনেলত ভাৰতৰ স্থান প্ৰায় নিশ্চিত। চুপাৰ-৮ৰ অন্তিমনখন মেচত ভাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৃহৎ ব্যৱধানত পৰাস্ত নহয় তেন্তে ছেমি ফাইনেলত উপনীত হোৱাত কোনেও বাধা দিব নোৱাৰিব।

এনে পৰিস্থিতিত আজি বাংলাদেশৰ বিৰুদ্ধে বিজয়ী হোৱাৰ মানসিকতাৰেই খেল পথাৰত নামিব ভাৰতে। উল্লেখ্য যে, চলিত টি-২০ বিশ্বকাপত বৰ্তমানলৈকে অপৰাজিত হৈ আছে ভাৰত। গ্ৰুপ পৰ্যায়ৰ ৪ খন মেচৰ ভিতৰত ৩ খনতে বিজয় সাব্যস্ত কৰিছে ৰোহিত বাহিনীয়ে।

বৰষুণৰ বাবে আয়াৰলেণ্ডৰে খেলিবলগীয়া মেচখন পৰিত্যক্ত হোৱাত এক পইণ্টকৈ ভগাই লয় ভাৰত আৰু আয়াৰলেণ্ডে। চুপাৰ-৮ ৰ প্ৰথমখন মেচত আফগানিস্তানৰ বিৰুদ্ধে সহজ বিজয় সাব্যস্ত কৰিছে ভাৰতে।

অৱশ্যে এতিয়ালৈকে ভাৰত অপ্ৰতিৰোধ্য হৈ থাকিলেও ভাৰতৰ সন্মুখত আছে যথেষ্ট প্ৰত্যাহ্বান। কিয়নো এতিয়ালৈকে ভাৰতে প্ৰতিযোগিতাখনত শক্তিশালী দলৰ বিৰুদ্ধে খেলা নাই। বাংলাদেশো ভাৰতৰ বাবে কঠিন প্ৰত্যাহ্বান নহয়।

টি-২০ বিশ্বকাপত এতিয়ালৈকে বাংলাদেশে ভাৰতক এখন মেচতো পৰাস্ত কৰিব পৰা নাই। সেয়ে আজিৰ মেচত ভাৰতেই ফেভাৰিট। কিন্তু পৰৱৰ্তী মেচ আছে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে।

ভাৰতত অনুষ্ঠিত হোৱা এদিনীয়া বিশ্বকাপৰ ফাইনেলৰ প্ৰতিশোধ লোৱাৰ এয়া এক সুযোগ হ’লেও অৱশ্যে ভাৰতৰ বাবে অষ্ট্ৰেলিয়াক পৰাস্ত কৰা ইমান সহজো নহ'ব। ভাৰতৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে বিৰাট কোহলিৰ প্ৰদৰ্শন।

এতিয়ালৈকে কোহলিয়ে স্বাভাৱগত প্ৰদৰ্শন দাঙি ধৰিব পৰা নাই। প্ৰায় প্ৰতিখন মেচতেই ব্যৰ্থ হৈছে বিৰাট। আফগানিস্তানৰ বিৰুদ্ধে ২৪ ৰাণ কৰিলেও তেওঁ খেলিলে ২৪ টা বল। আনহাতে মিডল অৰ্ডাৰ বেটছমেন শিৱম ডুবেৰ প্ৰদৰ্শনো চিন্তাৰ কাৰণ হৈ পৰিছে।

শনিবাৰে নিশা ৮ বজাৰ পৰা এণ্টিগোৱাৰ ছাৰ ভিভিয়ান ৰিচাৰ্ডছ ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া মেচখনক লৈ অনুৰাগী উৎকণ্ঠিত হৈ আছে যদিও অৱশ্যে বতৰে বিধি পঠালি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে।

স্থানীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি মেচখনৰ আৰম্ভণিৰ সময়ত কিছু পৰিমাণে বৰষুণ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে অতি সোনকালেই বতৰ মুকলি হোৱাৰো সম্ভাৱনা ব্যক্ত কৰিছে।

বতৰৰ এনে আগজাননীয়ে এই কথা নিশ্চিত কৰিছে যে, যদিও বৰষুণ অহাৰ পূৰ্ণ সম্ভাৱনা আছে তথাপিও মেচ পৰিত্যক্ত হোৱাৰ কোনো সম্ভাৱনা নাই। মেচ অনুষ্ঠিত হোৱাৰ সময়হে কিছু পলম হ'ব পাৰে।

যদিহে কোনো কাৰণত মেচখন পৰিত্যক্ত হয় তেন্তে ভাৰতৰ বাবেই বিপদজনক হ'ব। বাংলাদেশৰ বিৰুদ্ধে যথেষ্ট শক্তিশালী ভাৰতে মেচ বাতিল হ'লে লাভ কৰিব মাত্ৰ এক পইণ্ট। এনে হ'লেই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিবলগীয়া মেচখনত ভাৰতৰ বিজয়ৰ বিপৰীতে আন কোনো বিকল্প নাথাকিব।

বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ অপ্ৰতিৰোধ্য ৰেকৰ্ডঃ বতৰে বাধা দিলেই নিশ্চিত বিপদ...
তুৰস্কৰ বিৰুদ্ধে পৰ্তুগালৰ ৰনাল্ডোৱেই ভৰসাঃ ৰোমানিয়াৰ সৈতে বেলজিয়ামৰ মৰণপন যুঁজ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in