/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/1162f8c2-34cd-4d30-9b91-0b6c1ea72e30/37.jpg)
ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলাত ক্ৰীড়া ক্ষেত্ৰৰ উত্তৰণত যিসকল বৰেণ্য ব্যক্তিয়ে অৱদান আগবঢ়াই থৈ গৈছে তেওঁলোকৰ ভিতৰত প্ৰয়াত বলেন্দ্ৰ নাথ শৰ্মা অন্যতম। দুকুৰি বছৰ পূৰ্বে নগাঁৱত যুৱক-যুৱতীক সমৰ কলাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে ক্ৰীড়া চৰ্চাৰ পৰিৱেশ সৃষ্টি কৰাত বলেন্দ্ৰ নাথ শৰ্মাই বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল।
তেওঁৰ উদ্যোগত নগাঁও জিলা কেৰাটে ডু সন্থা নামৰ এটি সংগঠন গঠন কৰা হয়। যাৰ ফলশ্রুতিত নগাঁৱৰ যুৱচামৰ খেলুৱৈয়ে সমৰ কলাত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে।
প্ৰতিষ্ঠাপক সভাপতিগৰাকীৰ স্মৃতিত পৰৱৰ্তী সময়ত নগাঁও জিলা কেৰাটে ডু সন্থাই বলেন্দ্ৰ নাথ শৰ্মা সোঁৱৰণী নগাঁও জিলা কেৰাটে ডু চেম্পিয়নশ্বিপ নামাকৰণেৰে জিলা ভিত্তিক এক প্ৰতিযোগিতাৰ আয়োজন কৰি আহিছে। দেওবাৰে নগাঁও চহৰৰ গোপীনাথদেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয়ত ১৪ সংখ্যক বলেন্দ্ৰ নাথ শৰ্মা সোঁৱৰণী নগাঁও জিলা কেৰাটে ডু চেম্পিয়নশ্বিপ আৰম্ভ হয় ।
নগাঁও জিলা কেৰাটে ডু সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনি পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰে নগাঁও পৌৰসভাৰ উপ পৌৰপতি সীমান্ত বৰাই । বলেন্দ্ৰ নাথ শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি প্ৰয়াত শিক্ষাবিদ-ক্ৰীড়া সংগঠকগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয় । কেবা শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা শুভাৰম্ভ অনুষ্ঠানত লীলা বৰা,প্ৰনৱ বৰ্মন আদি উপস্থিত থাকে ৷
Also Read: কিৰণবালা গোস্বামী বালিকা বিদ্যাপীঠৰ প্ৰাক্তন ছাত্ৰী সন্মিলনৰ স্মৃতিগ্ৰন্থ উন্মোচন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us