/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/2f2ee700-6f62-410a-b073-2e2e36f1027a/Kapili.jpg)
ডিজিটেল সংবাদ, কামপুৰ : কামপুৰৰ কাকতি গাঁৱৰ কপিলী মথাউৰি ২০২০ চনতে ভয়াৱহ বানে নিছিল যদিও আজিলৈকে মেৰামতি নোহোৱাত বৰ্তমান স্থায়ী ১০ৰ পৰা ১২খন গাঁৱৰ ৰাইজ শংকিত হৈ পৰিছে। কপিলীৰ পানী বৃদ্ধি হোৱাত বহুলোকৰ ঘৰবাৰী হেৰুৱাৰ সম্ভৱনাই দেখা দিছে।
উল্লেখ্য যে, স্থানীয় লোকে বৰ্তমানৰ ৰহা সমষ্টিৰ বিধায়কক ২০২১চনতে ভগ্ন মথাউৰিটো নিৰ্মাণৰ বাবে দাবী জনাইছিল যদিও আজিলৈকে ৰাইজে মথাউৰি নিৰ্মাণৰ কাম দেখা নাপালে। আনফালে বৰ্তমান অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী তথা ৰহা সমষ্টিৰ প্ৰাক্তন বিধায়ক পিযুষ হাজৰীকাকো ৰাইজৰ ফালৰ পৰা অৱগত কৰা হৈছিল। পিছে বিভাগীয় কৰ্তৃপক্ষই কাণসাৰ নিদিয়াত বৰ্তমান নদীৰ পানী বৃদ্ধি হৈ ৰাইজ লৈ ভয়-শংকা কঢ়িয়াই আনিছে।
ৰাইজৰ অভিযোগ এই দুয়োজন নেতাই নেতা হিচাবে জয়ী হোৱাত কাকতি গাঁৱৰ ৰাইজৰ অৰিহণা আছে। পিছে ৰাইজৰ বৃহৎ সমস্যা সমাধানৰ ক্ষেত্ৰত পিঠি দি অহা বুলি অভিযোগ কৰি ইয়াৰ সমাধানৰ বাবে দাবী জনাই স্থানীয় ৰাইজে।
Also Read: সাংসদ পল্লৱ লোচন দাসৰ সংবাদমেল: বাতিল হ'ল মুখ্যমন্ত্ৰীৰ সভা...