সাংসদ পল্লৱ লোচন দাসৰ সংবাদমেল: বাতিল হ'ল মুখ্যমন্ত্ৰীৰ সভা...

সোমবাৰে মুখ্যমন্ত্ৰীৰ সভা স্থগিত। ২২ আৰু ২৩ জুনত দুদিনীয়া কাৰ্যসূচীৰে বিশ্বনাথত মুখ্যমন্ত্ৰী..

author-image
Asomiya Pratidin
New Update
সাংসদ পল্লৱ লোচন দাসৰ সংবাদমেল: বাতিল হ'ল মুখ্যমন্ত্ৰীৰ সভা...

ডিজিটেল সংবাদ, বিশ্বনাথ : বিশ্বনাথৰ আৱৰ্ত্ত ভৱনত সাংসদ পল্লৱ লোচন দাসৰ সংবাদমেল। সংবাদমেল যোগে সাংসদগৰাকীয়ে জানিবলৈ দিয়ে যে, ভাৰতীয় জনতা পাৰ্টীয়ে জুন মাহতো জন সম্পৰ্কৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। এই জন সম্পৰ্ক কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশ্বনাথৰ এখন ৰাজহুৱা সভাত অহা ১৯ জুনত অংশ গ্ৰহণ কৰাৰ কথা আছিল যদিও সেই সভা অনিবাৰ্য কাৰণত স্থগিত কৰা হৈছে।

Advertisment

ইয়াৰ পৰিৱৰ্তে অহা ২২ আৰু ২৩ জুন তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে বিশ্বনাথত উপস্থিত হ'ব মুখ্যমন্ত্ৰীগৰাকী। ২২ জুনত মুখ্যমন্ত্ৰীগৰাকীয়ে শোণিতপুৰৰ তিনিখন চাহ বাগিচা ক্ৰমে অৰুণ চাহ বাগিচা, সোনাবীল চাহ বাগিচা, আদাবাৰী চাহ বাগিচা, বিশ্বনাথত পাভৈ চাহ বাগিচা, জিনজিয়া চাহ বাগিচা আৰু কেটেলা চাহ বাগিচাত নিৰ্মাণ কৰা আদৰ্শ বিদ্যালয় শুভ উদ্ধোধন কৰিব।

২৩ জুনত মুখ্যমন্ত্ৰীগৰাকীয়ে বিশ্বনাথত অনুষ্ঠিত হ'বলগীয়া জনসম্পৰ্ক কাৰ্যসূচীৰ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব বুলি সংবাদমেল যোগে জানিবলৈ দিয়ে সাংসদ পল্লৱ লোচন দাসে। উক্ত সংবাদমেলত সাংসদগৰাকীৰ লগতে অংশ গ্ৰহণ কৰে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, পশুধন নিগমৰ উপাধ্যক্ষ পৰেশ বৰকাকতি, চাহ মৰ্চাৰ ৰাজ্যিক সভাপতি দিগন্ত ঘাটোৱাৰ, জিলা সভাপতি পংকজ বৰা, পৌৰপতি অমৰ জ্যোতি বৰঠাকুৰ, যুৱ মৰ্চাৰ সভাপতি দেবজিত বৰা তথা দলৰ অন্যান্য বিষয়ববীয়া সকল।

Also Read: মেঘালয়লৈ যোৱাৰ পৰিকল্পনা আছে নেকি ? এই পথেৰে নাযাব...

Bishwanath cm himanta biswa sarma