/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/103ce9b3-ae50-4cf8-b90b-af8a98405cc1/kosua_8.jpg)
কপিলীৰ বানত বিধ্বস্ত কচুৱাৰ এটা ৰাজপথ...
ডিজিটেল সংবাদ কামপুৰঃ কামপুৰৰ বান পৰিস্থিতি উন্নত হৈছে যদিও কপিলীৰ বলিয়া বানে ধ্বংসস্তুপত পৰিণত কৰিলে কামপুৰৰ নিকটৱৰ্তী অঞ্চল কচুৱাৰ এটা পধ। কামপুৰৰ- বৈঠালাংছ পথৰ বগৰীতলৰ পৰা কচুৱা হৈ পশ্চিম কাৰ্বি আংলং জিলাক সংযোগ কৰা পথটোৰ কপিলীৰ বানে কেইবাঠাইতো যথেষ্ট অংশ চিঙি নিয়াত পথত সৃষ্টি হৈছে পুখুৰীসদৃশ প্ৰকাণ্ড গাতৰ ।
পথটো চিঙি নিয়াত বিশেষকৈ কচুৱা অঞ্চলৰ ৰাইজে কামপুৰৰ সৈতে যাতায়তত দুৰ্ভোগ ভূগিব লগা হৈছে। পথটোৰ এনে দুৰৱস্থাৰ বাবে যান-বাহনৰ চলাচল বন্ধ হৈ থকাত ৰাইজে জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হ'বলগীয়া আশংকা প্ৰকট হৈ পৰিছে। ৰাইজে অতি শীঘ্ৰে উক্ত পথছোৱা নিৰ্মাণৰ লগতে ভগ্ন মথাউৰিসমূহ নিৰ্মাণ কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে।
Also Read: ৰামুজী ফিল্ম চিটিৰ অধ্যক্ষ ৰামুজী ৰাওৰ দেহাৱসানঃ চিনেমা উদ্যোগত শোক...