যিকোনো মুহূৰ্ততে খহিব পাৰে ডাক দলংঃ ৰঙা পতাকা আঁৰি দায় সাৰিছে সংশ্লিষ্ট বিভাগে

যিকোনো মুহূৰ্ততে খহিব পাৰে ডাক দলংঃ ৰঙা পতাকা আঁৰি দায় সাৰিছে সংশ্লিষ্ট বিভাগে

ডিজিটেল সংবাদ, বোকাখাতঃ নেৰানেপেৰা বৰষুণ অব্যাহত থাকিলে বোকাখাতৰ বৰচাপৰিৰ সমিপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা এখন দলঙে ভয়ংকৰ বিপদ ঘটোৱাৰ আশংকা তীব্ৰ হৈ পৰিছে । পথটোৰ ওপৰত থকা "ডাক দলঙ" ৰূপে পৰিচিত এখন দলঙৰ শোচনীয় অৱস্থাৰ বাবেই এই আশংকা কৰা হৈছে । যদিহে আশংকা কৰাৰ দৰে ঘটনা ঘটে তেনেহলে যিকোনো মুহূৰ্তত ব্যাহত হৈ পৰিব পাৰে উজিনি-নামনিৰ যোগাযোগ ব্যৱস্থা।

বিগত ১০ আগষ্টতে দলংখনৰ গাৰ্ড ৱাল খহি গৈছিল যদিও এই ক্ষেত্ৰত বিশেষ গুৰুত্ব নিদিলে লোকনিৰ্মাণ বিভাগে। দলং খনত বাঁহৰ খুটা আৰু তক্তা দি ফাঁট মেলা অংশৰ ঢাকোন দিবলৈহে চেষ্টা কৰিছিল বিভাগটোয়ে। এতিয়া সেই গাৰ্ড ৱালত ফাঁট মেলি এটা অংশ বহি গ'ল যদিও স্থায়ীকৈ মেৰামতি নকৰি মাথো ৰঙা পতাকা উৰুৱাই বিপদ সংকেত দিয়েই দায় সাৰিছে মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা প্ৰকাণ্ড বিভাগটোয়ে।

উল্লেখযোগ্য যে উজনি অসমৰ সকলো যান-বাহন কলিয়াবৰৰ পৰা উজনিলৈ আহে এই পথটোদিয়েই । নাগালেণ্ড, মণিপুৰৰ পৰা ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথেদি অহা যান-বাহন, ঐতিহাসিক ধোদৰ আলিয়েদি অহা যান-বাহন এই অংশৰেই পাৰ হয়।

কিন্তু যোৱা বছৰ বাৰিষাতে ক্ষতিগ্রস্ত হোৱা এই দলংখন আজিলৈকে মেৰামতিৰ সময় নেপালে সংশ্লিষ্ট বিভাগে। ইফালে সমগ্র পথছোৱাত সৃষ্টি হৈছে মৰণফাণ্ড সদৃশ প্ৰকাণ্ড প্রকাণ্ড গাঁত। এই গাঁতসমূহত পৰি প্ৰতিদিনে সংঘটিত হৈছে দুৰ্ঘটনা। ফলত দৈনিক উন্মোচিত হৈছে স্বয়ং মুখ্যমন্ত্ৰীৰ হাতত থকা লোক নিৰ্মান বিভাগৰ চূড়ান্ত দায়িত্বহীনতা।

যিকোনো মুহূৰ্ততে খহিব পাৰে ডাক দলংঃ ৰঙা পতাকা আঁৰি দায় সাৰিছে সংশ্লিষ্ট বিভাগে
ৰাজ্যিক কেঞ্চাৰ প্ৰতিষ্ঠানত পেইন এণ্ড পেলিয়েটিভ বিভাগৰ উদ্যোগত সজাগতামূলক কুইজ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in