ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি কচুৱাত উত্তপ্ত পৰিস্থিতিঃ পলায়ন ফাৰ্মাচিষ্ট ৰিয়াজ উদ্দিন

ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি কচুৱাত উতপ্ত পৰিস্থিতিঃ পলায়ন ফাৰ্মাচিষ্ট ৰিয়াজ উদ্দিন

author-image
Asomiya Pratidin
New Update
ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি কচুৱাত উত্তপ্ত পৰিস্থিতিঃ পলায়ন ফাৰ্মাচিষ্ট ৰিয়াজ উদ্দিন

ডিজিটেল সংবাদ, কামপুৰঃ মঙলবাৰে ভুল চিকিৎসাৰ পৰিণতিত কচুৱা তিনিআলি বজাৰৰ লুবনা মেডিক'জৰ সন্মুখত সহস্ৰাধিক লোকে ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷ অভিযোগ উঠা মতে কচুৱা থানাৰ অন্তৰ্গত উজানমাৰী গাঁৱৰ আমান আলী নামৰ লোকজন জ্বৰত আক্ৰান্ত হোৱাত লুবনা মেডিক'জত ভৰ্তি কৰে ৷

Advertisment

লুবনা মেডিকজৰ স্বত্বাধিকাৰী তথা ফাৰ্মাচিষ্ট ৰিয়াজ উদ্দিনে ৰোগীজনক ভুল চিকিৎসা  কৰাত কৰুণ মৃত্যুক সাৱটি লয় বুলি অভিযোগ উত্থাপন কৰিছে ৷ ৰোগীৰ মৃত্যু হোৱাত চিকিৎসক ৰিয়াজ উদ্দিনে পলায়ন কৰে ৷

উল্লেখ্য যে ৰিয়াজ উদ্দিন কেৱল ফাৰ্মাচিষ্ট যদিও বহু বছৰ ধৰি নিজৰ ঘৰতে চেম্বাৰ খুলি চিকিৎসা কৰাৰ ওপৰিও ৰোগীৰ অস্ৰোপ্ৰচাৰ কৰি ধন ঘটাৰ নানান অভিযোগ উত্থাপিত হৈছে৷ ইয়াৰ পূৰ্বেও ৰিয়াজ উদ্দিনে ভুল চিকিৎসা কৰাৰ ফলত আন এজন লোকৰো মৃত্যু হৈছিল বুলি গাওঁৰক্ষী বাহিনীৰ সম্পাদক আলাল উদ্দিনে অভিযোগ তুলিছে৷

ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ ৰূদ্ৰমুৰ্তি দেখি মৃতকৰ পৰিয়ালৰ লগত ৰিয়াজ উদ্দিনে গোপন বুজাবুজি কৰি পলায়ন কৰে ৷ ভুৱা চিকিৎসক ৰিয়াজ উদ্দিনৰ ওপৰত প্ৰশাসনে কঠোৰ পদক্ষেপ লবলৈ বিভিন্ন মহলে দাবী জনাইছে ৷

Also Read: বৰঝাৰ বিমান বন্দৰৰ সমীপত ঘৰৰ ভিতৰত পুতি থোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ...

kampur