কামপুৰত জটিল বান পৰিস্থিতিঃ বিপদসীমাৰ ওপৰেৰে বৈছে কপিলী

কামপুৰত জটিল বান পৰিস্থিতিঃ বিপদসীমাৰ ওপৰেৰে বৈছে কপিলী

author-image
Asomiya Pratidin
New Update
কামপুৰত জটিল বান পৰিস্থিতিঃ বিপদসীমাৰ ওপৰেৰে বৈছে কপিলী

ডিজিটেল সংবাদ,কামপুৰঃ প্ৰায় চাৰিদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নগাঁও জিলাৰ বানপৰিস্থিতি ক্ৰমাৎ জটিল হৈ পৰিছে। কপিলী নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ থকাত কামপুৰ ৰাজহ চক্ৰৰ বানপৰিস্থিতি ভয়াবহ হৈ‌ উঠিছে।কামপুৰ ৰাজহচক্ৰৰ ২০ খনতকৈয়ো অধিক গাঁও বানৰ কবলত পৰিছে।

Advertisment

বকুলগুৰি,চিমলাইপথাৰ,চৰাইহাগী দেউৰীগাও,চাংচকী মিকিৰগাও,উত্তৰ চাংচকী, কুম্ভিৰডুবি,দক্ষিণ চাংচকী, গাৰুখুন্দা,চাইবুক,গৰুবাট গাঁৱকে ধৰি কুৰিখনৰো অধিক গাঁও জলমগ্ন হৈছে। বহু লোকৰ ঘৰত পানী সোমোৱাৰ ফলত এই লোকসকল নিৰাপদ স্থানত আশ্ৰয় লৈ আছে। মানুহৰ লগতে পশুধন বানত আক্ৰান্ত হৈছে। বানৰ ফলত খেতি পথাৰৰো বিস্তৰ ক্ষতিসাধন হয়।

প্ৰাপ্ত তথ্য অনুসৰি, এইবাৰৰ বানত কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৫০০ হেক্টৰৰো অধিক কৃষিভূমিৰ ক্ষতিসাধন হৈছে। বছৰৰ দ্বিতীয়টো বানৰ ফলত কামপুৰ চাংচকী হৈ পশ্চিম কাৰ্বিআংলঙলৈ যোৱা পথটোৰ যাতায়ত ব্যাহত হৈ পৰিছে। প্ৰশাসনে বানাক্ৰান্তৰ বাবে আশ্ৰয় শিবিৰ স্থাপন কৰা নাই যদিও নিৰাপদ স্থানত থকা কিছু লোকক সাহাৰ্য প্ৰদান কৰা বুলি জানিব পৰা গৈছে।

জলসম্পদ বিভাগে জনোৱা তথ্য অনুসৰি আজি বিয়লি কপিলীৰ জলস্তৰ কিছু হ্ৰাস পাইছে যদিও কপিলী কামপুৰত বিপদসীমাৰ ৯৩ ছেণ্টিমিটাৰ ওপৰেৰে বৈ থকাত বানপৰিস্থিতি জটিল হৈ পৰাৰ সম্ভাৱনা আছে। ইপিনে কলং ,ব্ৰহ্মপুত্ৰৰ জলস্তৰ ক্ৰমশ বৃদ্ধি পাইছে।

Also Read: কালদিয়াৰ পানীত বুৰিল হেলনাৰ বিস্তীৰ্ণ অঞ্চল

Kampur flood