কালদিয়াৰ পানীত বুৰিল হেলনাৰ বিস্তীৰ্ণ অঞ্চল

কালদিয়াৰ পানীত বুৰিল হেলনাৰ বিস্তীৰ্ণ অঞ্চল

author-image
Asomiya Pratidin
New Update
কালদিয়াৰ পানীত বুৰিল হেলনাৰ বিস্তীৰ্ণ অঞ্চল

ডিজিটেল সংবাদ, পাটাছাৰকুছিঃ মঙলবাৰে পুৱা কালদিয়া নৈয়ে হেলনা ৰাস মন্দিৰৰ সমীপত মথাউৰি চিঙাৰ ফলত জলমগ্ন হৈ পৰিছে বিস্তীৰ্ণ অঞ্চল। হেলনা বনগাও পথ বুৰাই পেলোৱাৰ ফলত ব্যাহত হৈ পৰিছে যোগাযোগ ব্যৱস্থা। কালদিয়া নৈৰ পানীয়ে বুৰাই পেলাইছে অঞ্চলটোৰ প্ৰায় ৫০ ঘৰ লোকৰ চোতাল ৷

Advertisment

ক্ৰমাৎ ভাবুকি আহি পৰিছে অঞ্চলটোৰ শতাধিক বছৰ পুৰণি ৰাস মন্দিৰলৈ ৷ নৈয়ে ধেনুভেৰীয়াকৈ বেকা হৈ বৈ যোৱা ফলত প্ৰতিবছৰে বানৰ কবলত পৰে অঞ্চলটো। খেতিৰ কঠিয়াবোৰ পানীত বুৰ যোৱা ফলত চিন্তিত হৈ পৰিছে কৃষকসকল ৷

ইফালে কেইবাদিনৰ পৰা হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত কালদিয়া আৰু দেউঝাৰা নদীৰ পানীয়ে দলৈগাঁও আৰু সৰিহ চাকলাৰ খেতিপথাৰ বুৰাই পেলোৱাত বিপদত পৰিছে কৃষকসকল ৷

উল্লেখ্য যে, বৰ্তমান কৃষকসকলৰ হাতত ধানৰ বীজ নথকাত তেওঁলোক বিপাঙত পৰিছে। ইয়াৰোপৰি অঞ্চলটোৰ ৰিহাবাৰী,অকয়া,উলুৱা,পানবাৰী, কাহাৰপাৰা, হেলনাৰ লগতে প্ৰায় ২০ টা অঞ্চল বৰ্তমান বানৰ কবলত। পাটাছাৰকুছি বিদ্যাপীঠ, পাটাছাৰকুছি হাইস্কুল, ৬৪ নং পাটাছাৰকুছি নিম্ন বুনিয়াদী বিদ্যালয়ৰ চৌহদ আংশিকভাৱে কৃত্ৰিম বানত বুৰ গৈছে ৷

helona flood