মোডীৰ শপত গ্ৰহণক লৈ কামপুৰত বিজয় উল্লাস

মোডীৰ শপত গ্ৰহণক লৈ কামপুৰত বিজয় উল্লাস

author-image
Asomiya Pratidin
New Update
মোডীৰ শপত গ্ৰহণক লৈ কামপুৰত বিজয় উল্লাস

ডিজিটেল সংবাদ,কামপুৰঃ তৃতীয়বাৰৰ বাবে দেশত বিজেপিয়ে চৰকাৰ গঠন কৰা লৈ দেশৰ প্ৰান্তে প্ৰান্তে উদযাপিত হৈছে বিজয় উৎসৱ। ব্যতিক্ৰম নহয় কামপুৰ। দেওবাৰে কামপুৰত আনন্দমুখৰ পৰিৱেশ। একত্ৰিত হৈ ফটকা ফুটাই আনন্দ উল্লাস কৰি পালন কৰে বিজয় উৎসৱ।

Advertisment

ইয়াৰ পাছতেই উপস্থিত দলীয় কাৰ্যকৰ্তা সকলে আনন্দত নাচি বাগি ৰাইজক মিঠাই বিতৰণ কৰে । এই বিজয় উৎসৱৰ যোগেৰে সৰ্বস্তৰৰ দলীয় কৰ্মকৰ্তাই তৃতীয় বাৰৰ বাবে নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হোৱাত তেওঁলৈ শুভেচ্ছা জ্ঞাপন কৰে। কামপুৰ বজাৰত অনুষ্ঠিত এই কাৰ্যসূচীত উপস্থিত থাকে কলিয়াবৰ জিলাৰ বিজেপিৰ সভাপতি বাবুল বৰা।

Also Read: মোডী বিগ্ৰেডঃ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সম্পূৰ্ণ তালিকা

kampur