/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/0c6e4acd-bdea-467a-bd42-a150a0334b25/Hati.jpg)
ডিজিটেল সংবাদ, কামপুৰ : কঠীয়াতলী অঞ্চলত প্ৰতিদিনে অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস। শুকুৰবাৰৰ নিশাও বন্যহস্তীয়ে কঠীয়াতলী বন আঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত ৰেংবেঙত চলালে উপদ্ৰৱ। বন্যহস্তীৰ জাকটোয়ে ভাঙি তচনচ কৰিছে মানুহৰ বাসগৃহ।
উক্ত হাতীৰজাকটোয়ে শুকুৰবাৰে গুৰু চৰণ কলিতা নামৰ লোকজনৰ বাসগৃহ ভাঙি তচনচ কৰাৰ লগতে বাৰীৰ গছ-গছনি ভাঙি চুৰমাৰ কৰে । জানিব পৰা মতে, কথমপি প্ৰাণ ৰক্ষা পৰে বাসগৃহত থকা লোকসকলৰ।
আনহাতে গৃহস্থই জনোৱা মতে বিজুলী যোগান ব্যৱস্থা কিছুদিনৰ পৰা নথকাৰ বাবে বহু অসুবিধাৰ সন্মুখীন হৈছে পৰিয়ালটো। অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক ইয়াৰ সুব্যৱস্থা কৰিবৰ বাবে অনুৰোধ দৰিদ্ৰ পৰিয়ালটোৰ।
Also Read: চিলাপথাৰৰ দিপাত অচিনাক্ত মৃতদেহ উদ্ধাৰ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us