/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/7fcf4266-1d41-4bc8-84da-8250db83599c/Silapather.jpg)
ডিজিটেল সংবাদ, ধেমাজি : চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ডিমৌৰ দিপাত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত শনিবাৰে এটা অচিনাক্ত লোকৰ মৃত দেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
খেতিপথাৰলৈ যোৱা স্থানীয় লোকে ৰাজপথৰ কাষতে মৃত দেহাটো পৰি থকা প্ৰত্যক্ষ কৰি ওচৰৰ লোকক অৱগত কৰে। ঘটনাটো বিয়পি পৰাত মুহূৰ্ততে স্থানীয়লোক উপস্থিত হয়। মৃত লোকজন পিন্ধনত আছিল বগা ৰঙৰ টি-ছাৰ্ট আৰু হাফ পেন্ট ।
বৰ্তমানেও পৰিচয় লাভ নকৰা লোকজনৰ বয়স প্ৰায় ৪৫ বছৰ। লোকজনৰ চকু আৰু মুখমণ্ডলত আঘাত স্পষ্ট চিন থকাত ঘটনাটো এক হত্যাকাণ্ড বুলি একাংশই সন্দেহ কৰিছে।
Also Read: কেৰাচিন তেল ভৰ্তি টেংকাৰ দুৰ্ঘটনাঃ হাতে হাতে গেলন, বাল্টি লৈ ভিৰ একাংশৰ...