কামপুৰ কেন্দ্ৰীয় ৰাস উৎসৱৰ ব্যাপক প্ৰস্তুতি

কামপুৰ কেন্দ্ৰীয় ৰাস উৎসৱৰ ব্যাপক প্ৰস্তুতি
Published on
Updated on

ডিজিটেল সংবাদ, কামপুৰঃ শৰত কালৰ ৰাত্ৰি অতি বিতোপন, ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন। এতিয়া শৰৎ কালৰ বতৰ। সমগ্ৰ ৰাজ্যতে চলিছে এতিয়া শ্ৰী শ্ৰী কৃষ্ণ ৰাস ক্ৰীড়া আয়োজনৰ ব্যাপক প্ৰস্তুতি। তাৰ সমান্তৰালকৈ নগাওঁ জিলাৰ কামপুৰৰ কেন্দ্ৰীয় ৰাস উদযাপন সমিতিয়েও ৰাস উৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি হাতত লৈছে।

কামপুৰ ৰাস উংসৱ উদযাপন সমিতিৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এই বৰ্ষটো অহা ২৬, ২৭, ২৮ আৰু ২৯ নবেম্বৰত ৪দিনীয়া কায্যসূচীৰে আয়োজন কৰিছে ৰাস মহোৎসৱৰ।ৰাস মহোৎসৱলে কেইটামান দিন বাকী থকা অৱস্থাত এতিয়া অঞ্চলটোৰ জীয়াৰী বোৱাৰী সকলো ব্যস্ত হৈ পৰিছে ৰাসৰ আখৰাত। অঞ্চলটোৰ প্ৰায় শতাধিক যুৱতী, বোৱাৰী আৰু কন কন শিশু সকলে অংশগ্ৰহন কৰে এই কৃষ্ণ ৰাসৰ আখৰাত।

ৰাস উৎসৱত প্ৰদৰ্শন হ'ব লগা মাটিৰ প্ৰতিমাসমূহ নিৰ্মাণৰ কাম হাতত লৈছে খনিকৰসকলে। কামপুৰ বাস খেল পথাৰ প্ৰাংগনত পূৰ্ণগতিত চলি আছে ৰাসৰ আখৰা।এই ৰাস মহোৎসৱৰ ৪দিনীয়া কাৰ্য্যসূচীত সকলো ৰাইজৰ উপস্থিতি তথা সু দিহা পৰামৰ্শ একান্তভাৱে কামনা কৰিছে আয়োজক সমিতিয়ে।

কামপুৰ কেন্দ্ৰীয় ৰাস উৎসৱৰ ব্যাপক প্ৰস্তুতি
আৰম্ভ হ'ল প্ৰহৰ গণনা : আহমেদাবাদত ১ লাখ ৩০ হাজাৰ দৰ্শকৰ শব্দব্ৰহ্ম- ইণ্ডিয়া,ইণ্ডিয়া...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in