কামপুৰত বিহু কৰ্মশালাৰ সফল সামৰণি...

কামপুৰত কামপুৰ আঞ্চলিক যুৱক সমাজৰ ব্যৱস্থাপনাত বিহুৰ নৃত্য-গীত আৰু ঢোলবাদনৰ কৰ্মশালা সামৰনি।

author-image
Asomiya Pratidin
New Update
কামপুৰত বিহু কৰ্মশালাৰ সফল সামৰণি...

ডিজিটেল সংবাদ, কামপুৰ: ৰঙালী বিহুলৈ মাজত কেইটামান দিন বাকী। ৰাজ্যৰ প্রান্তে প্রান্তে সেয়ে এতিয়া প্ৰস্তুতি চলিছে ৰঙালীক আদৰাৰ। ব্যতিক্ৰম নহয় নগাঁও জিলাৰ কামপুৰো।

Advertisment

কামপুৰৰ কামেশ্বৰ বৰঠাকুৰ মজলীয়া বিদ্যালয়ত কামপুৰ আঞ্চলিক যুৱক সমাজৰ ব্যৱস্থাপনাত দহ দিনীয়াকৈ অনুস্থিত হোৱা বিহু নাচ, বিহু গীত আৰু ঢোল বাদনৰ কৰ্মশালাৰ শণিবাৰে সামৰণি পৰে।

কৰ্মশালাত অংশ গ্ৰহণ কৰিছিল ১১৯ গৰাকী প্ৰশিক্ষাৰ্থীয়ে। কৰ্মশালাত বিহু নাচৰ লগতে ঢোল বাদনৰ প্ৰশিক্ষণো প্ৰদান কৰা হয়। উল্লেখ্য যে, বিহু কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত আছিল বিক্ৰম বৰা।

Also Read: উদ্বোধনী মেচত গুজৰাটৰ হাতত পৰাস্ত চেন্নাই চুপাৰ কিংছ

assamese culture bihu