কলংপৰীয়া কবি সন্মিলনৰ নতুন কমিটি গঠন

অসম কবি সন্মিলনৰ অন্তৰ্গত লাওখোৱা পথৰ ইণ্টাৰনেশ্বনেল পাব্লিক স্কুলত কলংপৰীয়া কবি সন্মিলনৰ সাধাৰণ সভা অনুষ্ঠিত

author-image
Asomiya Pratidin
New Update
কলংপৰীয়া কবি সন্মিলনৰ নতুন কমিটি গঠন

ডিজিটেল সংবাদ, নগাওঁঃ অসম কবি সন্মিলনৰ অন্তৰ্গত নগাঁও সদৰস্থ লাওখোৱা পথৰ ইণ্টাৰনেশ্বনেল পাব্লিক স্কুলত যোৱা ইংৰাজী ৩০ জুলাইৰ বিয়লি ৩ বজাত কলংপৰীয়া কবি সন্মিলনৰ এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। অসম তথা নগাওঁ জিলাৰ বিশিষ্ট কবি, সমালোচক, প্ৰৱন্ধকাৰ লক্ষেশ্বৰ শৰ্মাৰ সভাপতিত্বত আৰম্ভ হয় অনুষ্ঠানটো। অনুষ্ঠানটোৰ উদ্দেশ্য ব্যাখ্যা কৰে কবি বেলা মোদীয়ে।

উদ্দেশ্য ব্যাখ্যাত তেওঁ কয় যে- প্ৰয়াত অনিমা শৰ্মা বৰুৱা আৰু প্ৰসিদ্ধ নগঞা সাংবাদিক প্ৰয়াত শিৱ প্ৰসাদ বৰাৰ প্ৰচেষ্টাত ২০১৯ চনত 'কলং কাব্য কানন' নামেৰে অনুষ্ঠান এটি ভূমিষ্ঠ হৈছিল যদিও কালক্ৰমত বিলুপ্তি ঘটে। সেই অনুষ্ঠানটোক পূৰ্বৰ কলং কাব্য কানন নামটোৰ পৰিৱৰ্তে আজিৰ সভাই পুনৰ উদ্ধাৰ হিচাপে কলংপৰীয়া কবি সন্মিলন নামেৰে সদৰ শাখা গঠন কৰা হয়।

সেইমতে বিভিন্ন অঞ্চলৰ পৰা অহা ৩৫গৰাকী কাব্য প্ৰেমীৰ উপস্থিতিত কলংপৰীয়া কবি সন্মিলন গঠন হয় আৰু বৰেণ্য সমালোচক কবি তথা প্ৰাক্তন অধ্যক্ষ ড° দিলীপ শৰ্মাক সভাপতি, বিশিষ্ট কবি ৰিণী নেওগ বৰাক কাৰ্যকৰী সভাপতি, বিশিষ্ট কবি বেলা মোদীক সম্পাদক হিচাপে লৈ ২১ জনীয়া এখন পূৰ্ণাংগ কমিটি গঠন কৰা হয়।

Also Read: অৱশেষত আটক বজৰং দলৰ কৰ্মীঃ অব্যাহত আৰক্ষীৰ অভিযান

assamsese poem poet