অৱশেষত আটক বজৰং দলৰ কৰ্মীঃ অব্যাহত আৰক্ষীৰ অভিযান

অৱশেষত আৰক্ষীয়ে আটক কৰিছে এজন বজৰং দলৰ কৰ্মীক। দলটোৰ আটকাধীন কৰ্মীজনৰ নাম বিজয় ঘোচ।

author-image
Asomiya Pratidin
New Update
অৱশেষত আটক বজৰং দলৰ কৰ্মীঃ অব্যাহত আৰক্ষীৰ অভিযান

ডিজিটেল ডেস্কঃ অৱশেষত আৰক্ষীয়ে আটক কৰিলে বজৰং দলৰ দুজন কৰ্মীক। দলটোৰ আটকাধীন কৰ্মীকেইজন মঙলদৈৰ বিজয় ঘোচ আৰু ওদালগুৰিৰ ডিমাকুছিৰ গোপাল বড়ো। বিজয় ঘোষক নিজা বাসগৃহৰ পৰাই আটক কৰিছে আৰক্ষীয়ে। ইপিনে আৰক্ষীৰ জোৰদাৰ অভিযান অব্যাহত দেখি বৰ্তমান পলাতক অৱস্থাত আছে বজৰং দলৰে জড়িত বাকী সদস্য।

Advertisment

উল্লেখ্য দলটোৰ অসম প্ৰদেশ সমিতিয়ে মঙলদৈৰ মহৰ্ষি বিদ্যা মন্দিৰত মুকলি ভাবে বিগত ২৭ জুলাইৰ পৰা ৪ দিনীয়াকৈ তৰোৱাল, ধনু-কাড়, পিষ্টল আদিৰ প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰিছিল। কোনো ধৰণৰ অনুমতি নোহোৱাকৈ অস্ত্ৰৰ প্ৰশিক্ষণ আয়োজন কৰাৰ বাবে দলটোক সমালোচনা কৰাৰ সমান্তৰালভাবে সদস্যসকলক গ্ৰেপ্তাৰৰ দাবী কৰিছিল সচেতন মহলে।

ইয়াৰ পাছতে অসম আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ নিৰ্দেশনাত দৰং আৰক্ষীয়ে বিদ্যালয়খনৰ অধ্যক্ষসহ দুজনক গ্ৰেপ্তাৰ কৰিছিল। যোগ প্রশিক্ষণ শিবিৰৰ নামত মঙলদৈৰ মহৰ্ষি বিদ্যামন্দিৰ কৰ্তৃপক্ষৰ পৰা বজৰং দলে লৈছিল অনুমতি। আৰু অনুমতি প্ৰদান কৰাৰ অপৰাধতেই গ্ৰেপ্তাৰ কৰা হয় অধ্যক্ষজনক।

আনহাতে বিদ্যালয়খনৰ পৰা ভুৱা উদ্দেশ্যৰে অনুমতি লোৱা অভিজিত ঘোষ নামৰ নেতাজনৰ বিৰুদ্ধে মঙলদৈ সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল বিদ্যালয় কৰ্তৃপক্ষই। পিছে মুকলি অস্ত্ৰ প্ৰশিক্ষণৰ বিভিন্ন ভিডিঅ' সামাজিক মাধ্যমত বিয়পি পৰাৰ লগতে গোচৰ ৰুজু হোৱাৰ পাছতো ৰহস্যজনকভাবে আৰক্ষীয়ে দলটোৰ এজন কৰ্মীকো আটক বা গ্ৰেপ্তাৰ নকৰাত ব্যাপকভাবে চৰ্চা চলে। অৱশেষত দলটোৰ কৰ্মী বিজয় ঘোচক আৰক্ষীয়ে আটক কৰাত দলটোৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ আশা প্ৰকাশ কৰিছে বিভিন্নজনে।

Also Read: ড্ৰাগছৰ বেহাঃ মিজো আৰক্ষীৰ জালত ১০ কোটি টকাৰ হেৰ’ইন, গ্ৰেপ্তাৰ সৰবৰাহকাৰী

Assam police bajrang dal