কল্লোল সাংস্কৃতিক গোষ্ঠীৰ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্থ উন্মোচন

কল্লোল সাংস্কৃতিক গোষ্ঠীৰ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ,নগাঁও : নগাঁও তথা অসমৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান হৈছে কল্লোল সাংস্কৃতিক গোষ্ঠী। কল্লোল সাংস্কৃতিক গোষ্ঠীৰ সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ 'কল্লোল' দেওবাৰে উন্মোচন কৰা হয়।

নগাঁও চহৰৰ কল্লোল ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত স্মৃতিগ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট চিন্তাবিদ, সমালোচক,অধ্যাপক ৰঞ্জিত কুমাৰ দেৱ গোস্বামীয়ে। উন্মোচনী ভাষণত গোস্বামীয়ে মূলতঃ নগাঁৱৰ সমাজ জীৱনৰ বহু কেইটা দিশ উল্লেখ কৰি সভাত উপস্থিত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

অসমৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ বিশেষ অৱদান আগবঢ়োৱা বহু কেইজন নগঞাৰ কথা উল্লেখ কৰি তেওঁ কয় যে, নগাঁৱত সকলো ভাল মানুহৰ জন্ম হয়। নগাঁৱে অসমৰ সমাজ জীৱনক প্ৰভাৱিত কৰি আহিছে ।

সাহিত্য, সংস্কৃতি, ক্ৰীড়া আদি সকলোতে নগাঁৱৰ অৱদান মন কৰিবলগীয়া। নগঞা বহু কেইজন ব্যক্তিৰ কবিতা সাৱলীলভাৱে আওৰাই গোস্বামীয়ে নগাঁৱৰ সমাজ জীৱনৰ বৰেণ্য ব্যক্তিসকলৰ বিষয়ে পুস্তিকা আকাৰত হ'লেও একোখনকৈ কিতাপ প্ৰকাশ কৰিব পাৰি নেকি এই বিষয়ে চিন্তা কৰিবলৈ কল্লোলক আহ্বান জনায়।

নগাঁৱৰ সমাজ জীৱনৰ অন্যতম বিশিষ্ট সমাজ সেৱক সদ্য প্ৰয়াত মুকুট চন্দ্ৰ ভূঞাৰ বিষয়ে উল্লেখ কৰি অধ্যাপক গোস্বামীয়ে কয় যে, মুকুট ভূঞা আছিল জ্ঞানৰ ভৰাঁল। তেওঁৰ মৃত্যু আমাৰ সকলোৰে বাবে অপূৰণীয় ক্ষতি।

১৯৭৩ চনত কটন মহাবিদ্যালয় ইউনিয়ন হলত গ্ৰন্থ মেলা অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰি গোস্বামীয়ে লগতে কয় যে গ্ৰন্থমেলা সংস্কৃতিৰ অন্যতম বাটকটীয়া হৈছে নগাঁও। কল্লোলৰ উদ্যোগত অনুষ্ঠিত হৈ থকা গ্ৰন্থমেলাই এক বৌদ্ধিক জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

এই প্ৰসংগত তেওঁ কয়,'আমি সৰুৰে পৰা লক্ষ্য কৰি আহিছো যে নগাঁও চহৰত সকলো জনগোষ্ঠী, সম্প্ৰদায় ,বৰ্ণ নিৰ্বিশেষে মিলজুলি বসবাস কৰি আহিছে। এইটো নগাঁৱৰ এক উল্লেখনীয় দিশ।'

আনহাতে সামাজিক-সাংস্কৃতিক গোষ্ঠী কল্লোলৰ কাম কাজৰ বিষয়ে উল্লেখ কৰি গোস্বামীয়ে কয় যে কল্লোলে অসমৰ সাংস্কৃতিক পৰম্পৰাক সঠিকভাৱে ধৰি ৰাখিছে। ই এক সুন্দৰ নিদৰ্শন।

লগতে কয় 'বহু বৰেণ্য ব্যক্তিৰ সংযোগ ঘটিছে কল্লোলৰ লগত।' প্ৰসঙ্গক্ৰমে তেওঁ পৃথিৱীখন এখন কিতাপৰ দৰেই আৰু মায়াবিনী শক্তিয়ে কিতাপৰ পাত লুটিয়াই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

কল্লোলৰ সভাপতি লোহিত কলিতাই সঞ্চালনা কৰা আৰু সম্পাদক নৌচাদ আখতাৰ হাজৰিকাই আঁত ধৰা অনুষ্ঠানত সাহিত্য সমালোচক প্ৰভাত বৰা,সাহিত্যিক উপেন্দ্ৰ বৰকটকী, প্ৰাক্তন উপায়ুক্ত চন্দ্ৰ মোহন কাকতি,লেখিকা আভা বৰা প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

সভাত সাহিত্য সমালোচক বিশিষ্ট শিক্ষাবিদ প্ৰভাত বৰাই 'কল্লোল' সাংস্কৃতিক গোষ্ঠীৰে থকা অন্তৰংগ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰে। সামাজিক-সাংস্কৃতিক গোষ্ঠীটোৱে সাহিত্য আৰু কলা-সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বিষয়ে উল্লেখ কৰি তেওঁ কল্লোল সাংস্কৃতিক গোষ্ঠী তেওঁৰ বাবে সদায় বৰ্তমান হৈ থাকিব বুলি মন্তব্য কৰে ।

উল্লেখ্য যে, গল্পকাৰ শিবানন্দ কাকতি আৰু সাংবাদিক মানস কুমাৰ মহন্তই সম্পাদনা কৰি উলিওৱা স্মৃতিগ্ৰন্থখন প্ৰকাশৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে কল্লোলৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত শিক্ষাবিদ মধৱানন্দ মহন্তৰ ৩পুত্ৰই। সভাত সাংবাদিক মানস কুমাৰ মহন্তই স্মৃতিগ্ৰন্থ 'কল্লোল'ৰ বিষয়ে আলোকপাত কৰাৰ লগতে মুকুল বৰঠাকুৰে শলাগৰ শৰাই আগবঢ়ায় ।

কল্লোল সাংস্কৃতিক গোষ্ঠীৰ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্থ উন্মোচন
অনন্ত কলিতাৰ মৃত্যুত ইলোৰা বিজ্ঞান মঞ্চৰ শোক প্ৰকাশ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in