কলিয়াবৰত লেখিকা সমাৰোহ সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশন...

"সমাজত প্ৰচলিত কু সংস্কাৰৰ বিৰুদ্ধে মহিলা সকল সজাগ আৰু সচেতন হোৱাৰ প্ৰয়োজন " - সুবৰ্ণ শইকীয়া বৰদলৈ
কলিয়াবৰত লেখিকা সমাৰোহ সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশন...

ডিজিটেল সংবাদ,কলিয়াবৰ : কলিয়াবৰৰ হাটবৰত বৃহস্পতিবাৰৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশন। "সমাজত প্ৰচলিত কু-সংস্কাৰৰ বিৰুদ্ধে মহিলা সকল সদায় সজাগ আৰু সচেতন হোৱাৰ প্ৰয়োজন"- শুক্ৰবাৰে অধিৱেশনত এই মন্তব্য কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ম সুবৰ্ণ শইকীয়া বৰদলৈয়ে।

সভানেত্ৰী গৰাকীয়ে মহিলা সকলক গ্ৰন্থ অধ্যয়ন আৰু সাধনাৰে সৃষ্টিশীল সাহিত্যৰ সৃষ্টিত মনোনিবেশ কৰিবলৈ আহ্বান জনায়। লগতে নতুন প্ৰজন্মক মানুহৰ ৰহস্য ভেদ কৰি সাহিত্যৰ দিশত আগবাঢ়ি যাবলৈও আহ্বান জনায়।

উল্লেখ্য যে, সভাখনি উদ্বোধন কৰে কলিয়াবৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা ৰুণিমা শৰ্মাই। সভা আৰম্ভণিৰ পূৰ্বে অনুষ্ঠানৰ প্ৰতিষ্ঠাপক প্ৰয়াত সাবিত্ৰী বৰগোহাঞি আৰু স্বৰ্ণ গোস্বামীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন শিক্ষক তথা সমাজকৰ্মী বিপিন শইকীয়াই। সম্পাদিকা ৰাণু নেওগ ভূঞাৰ উদ্দেশ্য ব্যাখ্যাৰে আৰম্ভ হোৱা সভাখনিত আদৰণি ভাষণ পাঠ কৰে ভানু হাজৰিকাই।

সমিতিৰ কলিয়াবৰ জিলা পৰিষদৰ সভানেত্ৰী ৰেখা দেৱীয়ে সভাপতিত্ব কৰা সভাখনিত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰধান সম্পাদিকা মনোমতী কুৰ্মীয়ে আমন্ত্ৰিত অতিথি হিচাপে ভাষন দি কয় যে, বৰ্তমান ভাষাৰ সংকটৰ সময়ত লেখিকা সমাৰোহ সমিতিয়েও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে যিটো অসমীয়া জাতিৰ বাবে গৌৰৱৰ বিষয়। সম্পাদিকা ৰাণু নেওগ ভূঞা আৰু বিশিষ্ট লেখিকা সুবৰ্ণলতা মহন্তই আঁত ধৰা অনুষ্ঠানটোত উদ্যোক্তা সকলে প্ৰকাশ কৰি উলিওৱা মুখপত্ৰ 'অঞ্জলি' উন্মোচন কৰে কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাই ।

সভাত কবি-লেখিকা মামণি বৰুৱা বৰাৰ ৰচিত দুখনি গ্ৰন্থ উন্মোচন কৰে মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে। উল্লেখ্য যে, সভাত উপস্থিত থাকে কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি নবীন বৰঠাকুৰ, অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদক মৃণাল কুমাৰ হাজৰিকা, নগাঁও জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি মৃগাংক শেখৰ ভৰালী হাজৰিকাই ।

কলিয়াবৰত লেখিকা সমাৰোহ সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশন...
অসম পৰ্বতাৰোহণ সন্থাৰ কাঞ্চনজংঘা অভিযান : ৰাষ্ট্ৰপতিৰ ফ্লেগ অফ্...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in