জখলাবন্ধাৰ মাজেৰে চাৰিলেন যুক্ত পথ নিৰ্মাণৰ দাবীৰে বিধায়কক স্মাৰক পত্ৰ প্ৰদান...

জখলাবন্ধাৰ মাজেৰে চাৰিলেন যুক্ত পথ নিৰ্মাণৰ দাবীৰে বিধায়কক স্মাৰক পত্ৰ প্ৰদান

author-image
Asomiya Pratidin
New Update
জখলাবন্ধাৰ মাজেৰে চাৰিলেন যুক্ত পথ নিৰ্মাণৰ দাবীৰে বিধায়কক স্মাৰক পত্ৰ প্ৰদান...

ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰ তিনি আলিৰ পৰা নুমলীগড়লৈ চাৰিলেন যুক্ত পথ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম‌-কাজ চলি থকাৰ মাজতে জখলাবন্ধা চহৰৰ মাজেৰে চাৰিলেন যুক্ত পথটি নিৰ্মাণৰ দাবী জনাই সোমবাৰে সন্ধিয়া কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তক জখলাবন্ধাবাসী ৰাইজে এখনি স্মাৰক পত্ৰ প্ৰদান কৰে।

Advertisment

জখলাবন্ধা গাওঁ পঞ্চায়তৰ সভানেত্ৰী তৃষাৰাণী শইকীয়া, সমাজ কৰ্মী ধ্ৰুৱজ্যোতি বৰগোহাঞি, বিপুল হাজৰিকা, প্ৰদীপ লস্কৰ, জয়ন্ত খাউণ্ড আৰু তৰুণ মুক্তিয়াৰ আদিৰ নেতৃত্বত যোৱা সজাতি দলটোৱে বিধায়ক গৰাকীক চাৰিলেন যুক্ত পথটিৰ প্ৰয়োজন সম্পৰ্কে তথ্য দাঙি ধৰে। যিহেতু কলিয়াবৰবাসী ৰাইজৰ ই এটা বহুদিনীয়া দাবী আছিল আৰু বিগত সময়ত কলিয়াবৰ তিনি আলিৰ পৰা নুমলীগড়লৈ এই দীৰ্ঘতম পথচোৱাত চাৰিলেন যুক্ত পথ নিৰ্মাণৰ দাবী জনাই কলিয়াবৰ বাসী ৰাইজক লগত লৈ ফ'ৰলেন দাবী কমিটীয়ে বহু আন্দোলন কৰি আহিছিল বুলি সজাতি দলটোৱে বিধায়ক গৰাকীক অৱগত কৰে।

উল্লেখ্য যে, এটা পথ এটা অঞ্চলৰ উন্নয়নৰ মূল উৎস এই পথৰ ওপৰতে ভিত্তি কৰি সেই অঞ্চলৰ আৰ্থসামাজিক দিশ আগবাঢ়ি যায়। জখলাবন্ধা চহৰখনো ইয়াৰ ব্যতিক্ৰম নহয়। 'ইণ্ডিয়াৰ দে নাইট চিটি' হিচাবে 'লিমকা বুক'ত স্থান পোৱা জখলবন্ধা চহৰখন উজনি নামনিৰ সোঁমাজতে অৱস্থিত হোৱাৰ বাবে উজনি আৰু নামনি লৈ আহ-যাহ কৰা যাত্ৰীসকলে ইয়াতে কিছুসময় জিৰণি লৈ আহাৰ গ্ৰহণ কৰি পুনৰ গন্তব্যস্থানলৈ যাত্ৰা কৰে। প্ৰায় ৪০ খনৰো অধিক হোটেল ব্যৱসায়ীয়ে হোটেল ব্যৱসায় কৰি নিজে স্বাৱলম্বী হোৱাৰ বিপৰীতে বহু নিবনুৱা যুৱক-যুৱতীক সংস্থাপন দি আহিছে। বিশেষকৈ ফাষ্টফুডৰ দোকান দিয়ো বহু নিবনুৱা যুৱক-যুৱতীয়ে সংস্থাপনৰ মুখ দেখিছে।

ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ ব্যৱসায় প্ৰতিষ্ঠানে অঞ্চলতোৰ অৰ্থনৈতিক দিশ সবল কৰাৰ লগতে নিবনুৱা সমস্যা দূৰ কৰাত এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। ইতিমধ্যে এই চহৰৰ মাজেদি চাৰিলেন যুক্ত পথ এটি পথ কলিয়াবৰ তিনিআলিৰ পৰা নুমলীগৰলৈকে আগবাঢ়ি যোৱাৰ এক ঘোষণা কেন্দ্ৰীয় চৰকাৰে কৰিছে আৰু তাৰে কিছু প্ৰাৰম্ভিক কাম-কাজ কৰি থকা ৰাইজৰ দৃষ্টি গোচৰ হৈছে।

এই লৈ জখলাবন্ধবাসীৰ লগতে কলিয়াবৰ বাসী ৰাইজ উৎফুল্লিত হৈছে। ইফালে জখলাবন্ধাৰ মাজেৰে চাৰিলেন যুক্ত পথ নিৰ্মাণ নহ'লে জখলাবন্ধা চহৰ খন মৰিশালিত পৰিণত হ'ব বুলি ৰাইজে আশংকা কৰিছে। সেয়ে প্ৰস্তাৱিত পথটো জখলাবন্ধা চহৰৰ মাজমজিয়াৰে নিৰ্মাণ হোৱাতো ৰাইজে আশা প্ৰকাশ কৰাৰ লগতে স্থানীয় বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তকো বিষয়টোত সহযোগ কৰিবলৈ কলিয়াবৰ বাসী ৰাইজে দাবী জনাইছে।

Also Read: ধেমাজিত জি-২০: ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ আৰু নিপুণ অসমৰ পটভূমিত কৰ্মশালা...

keshab mahanta