/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/a84a39b6-1baa-4dbe-b860-3beface24876/Tu_Dhemaji.jpg)
ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলা শিক্ষা বিভাগ আৰু সমগ্ৰ শিক্ষা ধেমাজিৰ উদ্যোগত জি-২০, ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ আৰু নিপুণ অসম (FLN) ৰ পটভূমিত সোমবাৰে ধেমাজি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এদিনীয়া কাৰ্যসূচীৰে জিলা পৰ্যায়ৰ এখনি কৰ্মশালা অনুষ্ঠিত হয়। কাৰ্যসূচীৰ আৰম্ভণিতে পুৱা ৯.১৫ বজাত জিলা তথা খণ্ড পৰ্যায়ৰ বিষয়াসকল, শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু আমন্ত্ৰিত বিশিষ্ট অতিথিসকলৰ উপস্থিতিত জি-২০, ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ আৰু নিপুণ অসম (FLN)ৰ অধীনত ৰূপায়িত হৈ থকা বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা অভিযান সম্পৰ্কে সজাগতা ৰেলী উলিওৱা হয়।
পুৱা ১০ বজাত ধেমাজি কলেজিয়েট মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত সমবেত সংগীতেৰে কৰ্মশালাখনি শুভাৰম্ভ কৰা হয় ৷ কৰ্মশালাৰ আদৰণি ভাষণ দিয়ে ধেমাজি বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া ও জিলা মিছন সমন্বয়ক কবিতা ডেকাই। আদৰণি ভাষণত জিলা শিক্ষা বিষয়া গৰাকীয়ে ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ আৰু নিপুণ অসম (FLN) ৰ সফল ৰূপায়ণত শিক্ষক, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী সকলোৰে সহযোগিতা কামনা কৰাৰ লগতে উদ্ভাৱনীমূলক শিক্ষণ-শিকণ সামগ্ৰীৰ প্ৰদৰ্শনত অংশগ্ৰহণ কৰা বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী লগতে বিভিন্ন ক্ৰিয়া-কলাপ প্ৰদৰ্শন কৰিবলৈ অহা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন ও কৃতজ্ঞতা জ্ঞাপন কৰে ।
কৰ্মশালাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে শিক্ষা বিভাগৰ দায়িত্বত থকা ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত ড° সঞ্জীৱ ফুকনে ৷ বক্তব্যত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে কৰ্মশালাৰ গুৰুত্ব সম্পৰ্কে বক্তব্য ৰাখি অংশগ্ৰহণকাৰী শিক্ষক, ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰে। কৰ্মশালাখনিৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে মৰিধল মহাবিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ মুৰব্বী অধ্যাপক ড০ লেখন গগৈয়ে ৷ বক্তব্যত অধ্যাপক গগৈয়ে ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ ৰ ওপৰত আলোকপাত কৰে।
বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা অভিযান (FLN)ৰ জিলা পৰামৰ্শদাতা তথা প্ৰালোচক ৰশ্মি দলেয়ে নিপুণ অসম (FLN)ৰ অধীনত ধেমাজি জিলাত ৰূপায়িত হৈ থকা বিভিন্ন ক্ৰিয়া-কলাপ আৰু কৰ্মসূচীৰ এক চমু খতিয়ান দাঙি ধৰে। ধেমাজি জিলা শিক্ষাগ্ৰহণ আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা মায়াশ্ৰী চেতিয়া ফুকনে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণত বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা অভিযান (FLN)ৰ অধীনত বিদ্যালয় পৰ্যায়ত গ্ৰহণ কৰিব পৰা উদ্ভাৱনীমূলক ক্ৰিয়া-কলাপৰ বিষয়ে শিক্ষণ-শিকণ সামগ্ৰী (TLM) ৰ সম্পৰ্কে বক্তব্য ৰাখে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/5fa4ca38-5ec9-408b-9197-dde3816538df/b5c3de62_9e20_4800_97fb_c5bf2d8d9615.jpg)
কৰ্মশালাখনিত ২ নং ভৰালীচুক প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে যোগাভ্যাস প্ৰদৰ্শন কৰাৰ লগতে নলনিপাম প্ৰাথমিক বিদ্যালয় ছাত্ৰ-ছাত্ৰীসকলে আবৃত্তি-পঠন আদিত অংশগ্ৰহণ কৰে। কৰ্মশালাৰ সৈতে সংগতি ৰাখি বিদ্যালয়সমূহৰ মাজত অনুষ্ঠিত কৰা উদ্ভাৱনীমূলক শিক্ষণ-শিকণ সামগ্ৰীৰ প্ৰদৰ্শন ও প্ৰতিযোগিতাখনি উদ্ধোধন কৰে ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দিপক কুমাৰ নেওগে।
উল্লখ্য যে, প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে বৰদলপা প্ৰাথমিক বিদ্যালয়ে, দ্বিতীয় স্থান লাভ কৰে নলনিপাম প্ৰাথমিক বিদ্যালয়ে আৰু তৃতীয় স্থান লাভ কৰে চিলাপথাৰ কেন্দুগুৰি প্ৰাথমিক বিদ্যালয়ে। তদুপৰি উদগণিমূলক বঁটা লাভ কৰে যঁতৰকটীয়া প্ৰাথমিক বিদ্যালয়ে । স্থানপ্ৰাপ্ত বিদ্যালয়সমূহক সমগ্ৰ শিক্ষা ধেমাজিৰ তৰফৰ পৰা মান-পত্ৰ আৰু পুৰস্কাৰ প্ৰদান কৰা হয় ।
কৰ্মশালাত সমগ্ৰ শিক্ষা ধেমাজিৰ জিলা আঁচনি বিষয়া ত্বয় অৱনী নাথ, পংকজ বৰা আৰু অৰুনিমা দুৱৰা, লখিমপুৰ ডায়েটৰ প্ৰবক্তা ইন্দ্ৰজিত গাম, বিবেকানন্দ্ৰ কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ মনোজ শৰ্মা, ধেমাজি মাডাৰছ প্ৰাইড বিদ্যালয়ৰ পৰিচালন সঞ্চালক বিজয় দাস, খণ্ড সমল ব্যক্তি কনক গগৈ, মুকুল সুত, ৰূপশিখা গগৈ, প্ৰণতি দেৱী, মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক ৰিতু দাস, বিপুল কাকতি, জ্যোতিপ্ৰসাদ বৰা, তুলন শইকীয়া, জিনি ফুকনকে ধৰি বহুকেইগৰাকী বিভাগৰ শিক্ষা বিষয়া আৰু কৰ্মচাৰীয়ে উপস্থিত থাকি কৰ্মশালাখনি সাফল্যমণ্ডিত কৰি তোলে৷
Also Read: নগাঁৱত নিছাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ আৰু পৰিত্ৰাণৰ উপায়কলৈ সজাগতা অনুষ্ঠান...