/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/e2440ba8-7da3-486a-b554-0549d2241061/nani_gupal.jpg)
ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰ মহাবিদ্যালয়ত সোমবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখনি আলোচনা চক্ৰ। "ৰিভাইভিং ট্ৰেডিচনেল প্ৰেকটিচছ ইন লাইট অব্ ক্লাইমেট চেঞ্জ"- শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰখন সোমবাৰে উদ্বোধন কৰে মন্ত্ৰী কেশৱ মহন্তই। আলোচনা চক্ৰত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ডঃ ননীগোপাল মহন্ত, তেজপুৰ বিশ্ববিদ্যালয়ৰ শক্তি বিভাগৰ অধ্যাপক দেবেন্দ্ৰ চন্দ্ৰ বৰুৱা, অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক ডঃ জয়দীপ বৰুৱাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/41a302db-1747-4690-abad-d89894ae64ec/cf574966_107e_48dc_8b88_aeae46ec532d.jpg)
আলোচনা চক্ৰত মুঠ ৮৫ খন গৱেষণা পত্ৰ পাঠ কৰাৰ ব্যৱস্থা কৰা হয়। আনহাতে, আলোচনা চক্ৰৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হয়। কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, আয়ুস পাব্লিক স্কুল, চেন্ট ৰভাৰ্টছ, হিন্দুস্থানী বিদ্যালয়, নন্দলাল ৰবিদাস আদিৰ দ্বাৰা নিৰ্মাণ কৰা প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰি পৰিৱেশ তন্ত্ৰ ৰক্ষাত আমাৰ পৰম্পৰাগত শৈলীৰ ভূমিকা অপৰিসীম বুলি মন্তব্য কৰে ডঃ ননীগোপাল মহন্তই।
সাংবাদিকৰে হোৱা কথা-বতৰাত তেওঁ লগতে কয়, বিগত দহ বছৰ ধৰি গোটেই বিশ্বজুৰি জলবায়ু পৰিৱৰ্তনে যি পৰিৱেশৰ সৃষ্টি কৰিছে সেয়া অসাধাৰণ ভাবে এক ভয়ংকৰ বিপদৰ মাজলৈ গতি কৰা পৰিলক্ষিত হৈছে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আমি পৰম্পৰাগত ভাবে ব্যৱহাৰ কৰা সজুঁলি সমূহ জলবায়ুৰ কাৰণে সংবেদনশীল। তাৰ জৰিয়তে আমাৰ পৰিৱেশ বৰ্তাই ৰাখিব লাগিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/c77a4a62-d45a-4e3b-91a8-58b237503b04/7faff758_01eb_465b_b2d3_2301d85fc629.jpg)
অসম চৰকাৰৰ শিক্ষা উপদেষ্টাগৰাকীয়ে লগতে কুমাৰ শিল্পৰ দৰে পৰম্পৰাগত শিল্পক সময়ৰ লগত খাপ খুৱাই বজাৰকৰণত গুৰুত্ব আৰোপ কৰাৰ লগতে কাৰিকৰী শিক্ষা ব্যৱস্থাত সংযোগ কৰাৰো পোষকতা কৰে। মহাবিদ্যালয় খনিৰ আৰ কিউ এ চিৰ সমন্বয়ক বশিষ্ঠ কলিতাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত মহাবিদ্যালয় খনিৰ অধ্যক্ষ উত্তম কুমাৰ বৰুৱা, নগাঁও বানিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ শিৱৰঞ্জন মহন্ত, কলিয়াবৰ মহকুমাৰ দণ্ডাধীশ ড০ ভূপালী কাশ্যপ, ৰবীন ভূঞা আৰু শিল্পী জগন্নাথ মহন্ত আদিয়ে অংশগ্ৰহণ কৰে। আৰম্ভণিতে ছাত্ৰ ছাত্ৰী সকলে পৰিৱেশন কৰা সমবেত সংগীতে শ্ৰোতাক বাৰুকৈয়ে মুগ্ধ কৰে।
Also Read: নলবাৰীত ১৬৮টা সংগঠনে সম্বৰ্ধনাৰে শলাগিলে সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বতাধিকাৰ জয়ন্ত বৰুৱাৰ কৰ্মক...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us