কলিয়াবৰত আনন্দ মেলাৰ নামত জুৱাৰ মেলাঃ চকু মুদা কুলিৰ ৰূপত আৰক্ষী

কলিয়াবৰত আনন্দ মেলাৰ নামত জুৱাৰ মেলাঃ চকু মুদা কুলিৰ ৰূপত আৰক্ষী

author-image
Asomiya Pratidin
New Update
কলিয়াবৰত আনন্দ মেলাৰ নামত জুৱাৰ মেলাঃ চকু মুদা কুলিৰ ৰূপত আৰক্ষী

ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰৰ বাগৰি আৰক্ষী চকিৰ সমীপতে জুৱাৰ ৰমৰমীয়া ব্যৱসায়ে সচেতন মহলক চিন্তিত কৰি তুলিছে। কুঠৰীৰ নবস্তিৰ এটা লক্ষী মন্দিৰৰ সাহায‍াৰ্থে যোৱা ১১ ছেপ্টেম্বৰৰ পৰা ২১ ছেপ্টেম্বৰলৈকে মহকুমা প্ৰশাসনৰ অনুমতি লৈ অনুষ্ঠিত কৰিছিল এখন আনন্দ মেলা। মিনা বজাৰ আৰু কিছু খেলা সামগ্ৰীৰে মেলাখন অনুষ্ঠিত কৰাৰ অনুমতি লৈছিল কলিয়াবৰ মহকুমা প্ৰশাসনৰ পৰা।

Advertisment

কিন্তু প্ৰশাসনক বিপথে পৰিচালিত কৰি আনন্দ মেলাত আৰম্ভ কৰে বৃহৎ জুৱাৰ খেল। মহঙা বজাৰৰ সময়ত অঞ্চলটোৰ খাতিখোৱা লোকৰ কষ্টোপাৰ্জিত ধনৰ ওপৰত চকু পৰা দুষ্ট চক্ৰটোৱে স্থানীয় আৰক্ষীৰে বুজাবুজি কৰি জুৱা খেল অনুষ্ঠিত কৰা বুলি অভিযোগ উত্থাপিত হৈছে। বিষয়টো মহকুমা প্ৰশাসনক অৱগত কৰাৰ পাছতেই তৎকালীনভাবে কাৰ্যকৰী হোৱাকৈ মেলাখন বন্ধ কৰাৰ নিৰ্দেশ দিয়ে অতিৰিক্ত আয়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি লিজা তালুকদাৰে।

মহকুমা প্ৰশাসনৰ এই পদক্ষেপক আদৰণি জনাইছে সচেতন মহলে। এটা দুষ্ট চক্ৰই বিভিন্ন পূজা-পাৰ্বণৰ সময়ত কুঠৰীৰ বিভিন্ন ঠাইত জুৱা বহুৱাই বহু পৰিয়ালৰ কষ্টোপাৰ্জিত ধন আত্মসাৎ কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া। এইক্ষেত্ৰত সমাগত পূজাৰ সময়ত মহকুমা প্ৰশাসনক কঠোৰ ব‍্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাইছে স্থানীয়লোকে ।

Also Read: সামগ্ৰী আনিছিল পলিটেকনিক নিৰ্মাণ কৰিবলৈ, নিয়া হৈছে অজ্ঞাত স্থানলৈ !

Kaliabar