সামগ্ৰী আনিছিল পলিটেকনিক নিৰ্মাণ কৰিবলৈ, নিয়া হৈছে অজ্ঞাত স্থানলৈ !

সামগ্ৰী আনিছিল পলিটেকনিক নিৰ্মাণ কৰিবলৈ, নিয়া হৈছে অজ্ঞাত স্থানলৈ !

author-image
Asomiya Pratidin
New Update
সামগ্ৰী আনিছিল পলিটেকনিক নিৰ্মাণ কৰিবলৈ, নিয়া হৈছে অজ্ঞাত স্থানলৈ !

ডিজিটেল সংবাদ, হাজোঃ হাজোৰ গড়পোটত পলিটেকনিক নিৰ্মাণৰ নামত ভেকোঁভাওনা। পলিটেকনিকখন নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰৰ ধনৰ অভাৱ হোৱাৰ অভিযোগ কামৰূপ জিলা ছাত্ৰ সন্থাৰ। পলিটেকনিকখন নিৰ্মাণৰ সময়ত ৰাজ্য চৰকাৰ আৰু ঠিকাদাৰ গোষ্ঠীয়ে লোৱা পদক্ষেপৰ বিৰুদ্ধে সৰৱ হৈ এই অভিযোগ উত্থাপন কৰিছে কামৰূপ আছু নেতৃত্বই।

Advertisment

উল্লেখ্য যে, গড়পোট গাঁৱত পলিটেকনিক নিৰ্মাণৰ কাম চলি থকাৰ মাজতে ঠিকাদাৰ গোষ্ঠীয়ে ট্ৰাকত সামগ্ৰী উঠাই নিয়াকলৈ হাহাঁকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। ২০২১ বৰ্ষত গড়পোট গাঁৱৰ প্ৰায় ৬০বিঘা ভূমিত নিৰ্মাণৰ কাম শুভাৰম্ভ কৰাৰ পাছত অতি পিছপৰা এই অঞ্চলটোত চৰকাৰে হাতত লোৱা উক্ত পদক্ষেপৰ বাবে এক আশাৰ ৰেঙনিয়ে দেখা দিছিল। পিছে এটা মাত্ৰ পকী খুঁটা নিৰ্মাণ কৰিয়ে আজিলৈকে কোনো কামৰ অগ্ৰগতি দেখা নগ'ল।

টি এণ্ড টি প্ৰজেক্ট কোম্পানীযে ঠিকা লাভ কৰি আৰম্ভ কৰা নিৰ্মাণ কাৰ্য আগবঢ়া দূৰৰে কথা নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা সকলো সামগ্ৰী ঠিকাদাৰ গোষ্ঠীয়ে ট্ৰাকত উঠাই নিয়াত ৰহস্যৰ সৃষ্টি হৈছে। গাঁওখনৰ ৰাজহুৱা নামঘৰৰ মাটি পলিটেকনিক নিৰ্মাণৰ বাবে দিছিল গাঁও উন্নয়ন সমিতিয়ে।

প্ৰতি বছৰে খেতিৰ জৰিয়তে লাভ কৰা ৰাজহৰ কথা নাভবি কেৱল অঞ্চলটোত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান জন্ম হোৱাৰ স্বাৰ্থতে এৰি দিছিল উক্ত ভূমি। ৰাইজৰ বৃহৎ ত্যাগ আৰু অঞ্চলটোৰ উন্নয়নৰ আশাৰে আনন্দিত হোৱা গাঁওবাসীয়ে আজিৰ এই দৃশ্য দেখি মৰ্মাহত হৈ পৰিছে। সমান্তৰালভাবে সৰৱ হৈছে আছু।

বিধয়িকা সুমন হৰিপ্ৰিয়াৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ আছু নেতৃত্বৰ। বিধয়িকা সুমনৰ স্থিতিক কঠোৰ ভাষ্যৰে সমালোচনা কৰাৰ লগতে উক্ত অঞ্চলত প্ৰৱেশত বাধা প্ৰদান কৰি হুংকাৰ দিয়ে আছুয়ে। সামাজিক মাধ্যমত চৰকাৰৰ উন্নয়নৰ ঢাক-ঢোল বজোৱাৰ বিপৰীতে প্ৰকৃত অৰ্থত চৰকাৰৰ এখন নগ্ন ছবি দৃশ্যমান হৈছে হাজোৰ গঁড়পোট গাঁৱত।

Also Read: বি ভি এফ চি উচ্চতৰ মডেল স্কুলত সুৰক্ষিত নহয় ছাত্ৰ-ছাত্ৰী !

GOVT OF ASSAM