নহৰু !

নহৰুবিহীন চৰু !
নহৰু !
নহৰু !

নহৰু, ৰঙা জলকীয়া, পাঁচপূৰণ দি দাইলকনত তেল মাৰিলে খাবলৈ বৰ সুস্বাদু হয়। মাছ, মাংস ৰান্ধিবলৈ আন মা-মছলাতকৈ আদা, নহৰু মুখ্য। নহৰু অকন ঠেতালি নিদিলে বহু ব্যঞ্জন খাবলৈ সোৱাদেই নহয়।

ৰন্ধন প্ৰকৰণত নহৰুৰ ব্যৱহাৰ প্ৰায় সকলোতে হয়। সকলো মানুহে সেয়েহে এই কথাটোলৈ লক্ষ্য ৰাখে পাকঘৰত নহৰু কেইটামান অন্তত থাকে। নহৰুৰ ব্যৱহাৰ অতি পূৰণি। ই এক মধ্য এছিয়া স্থানীয় মছলা।

কোনো কোনোৰ মতে, নহৰুৰ খেতি ৫ হাজাৰ বছৰৰো অধিক কালৰ পূৰণি। বিভিন্ন ধৰণে ইয়াক মানুহে খাদ্য সামগ্ৰী প্ৰস্তুত কৰোঁতে ব্যৱহাৰ কৰি আহিছে। ঔষধি গুণ থকাৰ বাবে বহুতে পুৱা পানী গিলাচৰ লগত এফুটা বা দুফুটা নহৰু নিয়মীতভাৱে খায়।

নহৰুত আছে এক বিজানুনাশক পদাৰ্থ। প্ৰকৃততে নহৰুৱে হৃদযন্ত্ৰৰ পৰা যকৃতলৈকে বহু ৰোগ নিৰাময়ৰ কাৰক হিচাপেও কাম কৰে। ডায়'স্ক'ৰাইড নামৰ লিখকজনে তেওঁৰ বিখ্যাত গ্ৰন্থ দ্যা মেটুৰিয়া মেডিকত নহৰুৰ এনে অনেক গুণ বসানি থৈ গৈছে।

নহৰুত থাকে এলিন নামৰ এবিধ পদাৰ্থ। নহৰুৰ এক নিজস্ব গোন্ধ আছে। সেই গোন্ধৰ এলিছিন নামৰ এক পদাৰ্থৰ পৰা সৃষ্টি হয়। সেয়েহে নহৰুৰ ব্যৱহাৰ হয়তো যুগ যুগ ধৰি মানুহে কৰি আহিছে।

আজিৰ পৰ কিছু দিনৰ আগলৈকে আপুনি, মই স্বাভাৱিকভাৱেই নহৰু কিনি ঘৰলৈ লৈ আহিছিলো। নহৰু কেইটামান কিনিবলৈ বিশেষ চিন্তা কৰা নাছিলো। কিন্তু এতিয়া নহৰু কিনাটো মুখৰ কথা হৈ থকা নাই।

নহৰুৰ বজাৰৰ মূল্য কিয় এনেদৰে উৰ্ধমূখী হৈছে তাৰ নিৰ্দিষ্ট উত্তৰ কাৰো হাতত নাই। কেৱল এটাই মাত্ৰ সাধাৰণীকৰণ কৰা উত্তৰ- পাইকাৰী বজাৰত নহৰুৰ দাম বহু বাঢ়িছে।ছাপ্লাই নাই নহৰুৰ।

ইমান দিনে ক'ৰ পৰা নহৰু আহি আছিল? হঠাৎ এনেদৰে বজাৰত নহৰুৰ নাটনি ঘটিছে কিয়? নহৰুৰহে দাম বাঢ়িছে, নহৰু নাখালেও চলি যাব বুলি বহুতে বিষয়টো উপেক্ষে কৰিছে।

এটা ডাঙৰ নহৰুৰ মূল্য যেতিয়া ২০ টকা বুলি দোকানীয়ে কয়, দোকানীজনৰ ফালে ঘোপাকৈ চোৱাৰ বাদে আন কি কৰিব পৰা ক্ষমতা আমাৰ আছে। পৰাজনে নহৰু দাঙে, নোৱাৰাজনে নহৰু দোকানীৰ পাল্লাতেই এৰি আহে।

এগৰাকী পৰিচিত পাচলি বিক্ৰেতালৈ ফোন কৰিলোঁ। সুধিলো নহৰুৰ কেজি কিমান? তেওঁ উত্তৰ দিলে- পোৱা ১০০ কৈ বৰ্তমান বিক্ৰী কৰি আছোঁ। তেওঁ জনালে নহৰুৰ কেজি ৪০০ টকা।

ইয়াতকৈ হেনো বাঢ়িছিল নহৰুৰ মূল্য। পাইকাৰী বজৰাতে প্ৰতি কেজি নহৰুৰ দাম হৈছিল ৩৮০ টকা। সেয়েহে পোৱা তেওঁলোকে ১২০ ৰ পৰা ১৪০ টকালৈকে দৰত বিক্ৰী কৰিবলগীয়া হৈছিল। তাৰমানে খুচুৰা বজাৰত নহৰুৰ প্ৰতি কেজিৰ মূল্য ৪৮০ টকাৰ পৰা ৫৬০ টকালৈকে হৈছিল।

প্ৰথমতে নহৰুৰ এই মূল্য বৃদ্ধি আমাৰ দৰে সাধাৰণ মানুহে মানি ল'ব পৰা নাছিল। ভুলকৈ নহৰুৰ দাম কোৱা বুলি দুই, তিনিবাৰ দোকানীক দাম সোধা হৈছিল। দোকানীয়েও একেটা দামেই আওঁৰাই নহৰুৰ দাম বহুত বাঢ়িছে বুলি প্ৰত্যুত্তৰ দিছিল।

কল্পনা কৰক আজিৰ তাৰিখত এক কেজি লোকেল চিকেনৰ মূল্য ৫০০ টকা। সেই হিচাপত মাংস কিনিব পাৰিলেও নহৰু কিনিব নোৱাৰা অৱস্থা এয়া। কিন্তু কোনে দিয়ে এইবোৰলৈ চকু? যিসকলে কিনিব পাৰে তেওঁলোকৰ বাবে নহৰুৰ দাম বঢ়াতো কোনো ফেক্টৰে নহয়।

ঠাণ্ডাৰ বতৰত জ্বৰ, পানীলগা হ'লে মিঠাতেল অকনমানত নহৰু দুফুটা দি গৰম কৰি মালিচ কৰাৰ সুখ লৈছিল সাধাৰণ লোকে। অন্তত এই সুবিধা তেওঁলোকে কৰি ল'ব পাৰিছিল। সময় সলনি হৈছে। মানুহবোৰৰ মাজৰে এচাম মানুহ ধনী হৈ পৰিছে। সেই চাম মানুহৰ বাবেই এতিয়া বজাৰত বস্তু উভয় নদী হৈছে।

খাতি খোৱা সাধাৰণ দৰিদ্ৰ শ্ৰেণীৰ বাবে নূন্যতম প্ৰয়োজনীয় সামগ্ৰী বোৰো আকাশৰ তৰাৰ দৰে হৈ পৰিছে দামৰ বাবে। চকুৰ সন্মুখত দেখি থাকে কিন্তু কিনি খাব নোৱাৰে। নহৰু এতিয়া বিলাসী শাৰীত উঠিল। এবাৰ আৰম্ভ হ'ল যেতিয়া নহৰুৰ মূল্য অলপ কম-বেছ হৈ থাকিব।

সৌ সিদিনা লৈকে ৪০ টকাত এপোৱা নহৰু অনা দিনবোৰ এতিয়া অতীত হ'ল। ৫৬০ ৰ পৰা খুব বেছি কিমান নামিব প্ৰতি কেজি নহৰুৰ মূল্য? সকলোৰে মূল্য বাঢ়িছে, বঢ়া নাই কেৱল সাধাৰণ লোকৰ জীৱনৰ মূল্য। মূল্যবৃদ্ধিৰ এই দৌৰত এতিয়া আটাইতকৈ আগত নহৰু।

নহৰু !
বোকাজানত ভয়াবহ অগ্নিকাণ্ডঃ লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in