/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/bd91bbb9-7f4d-4abe-8745-be5461d884ca/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰৰ কেইজনমান ব্যক্তিৰ ত্যাগ আৰু সুদূৰ প্ৰসাৰী চিন্তাৰে পি. ডব্লিউ. চি. আৰু এপাৰ্টৰ জৰিয়তে কলিয়াবৰ মীন পালক ও কৃষক ৰাইজক লৈ গঠন হোৱা কলিয়াবৰ মীন পালন ও কৃষি ফার্মাৰ প্রডিউচাৰ কোম্পানী লিমিটেডৰ প্ৰথমখন বাৰ্ষিক অধিৱেশন শনিবাৰে পূৱথৰীয়া বাপুজী পুথিভঁৰালৰ প্ৰাংগনত অনুষ্ঠিত হয় ৷ বিশিষ্ট সমাজকৰ্মী তথা যুৱ নেতা মনিমাধৱ মহন্তৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্যই কয়- কৃষকসকল সমাজৰ অগ্ৰণী ব্যক্তি আৰু অন্নদাতা সদৃশ ৷ তথাপিও সাম্প্ৰতিক সময়ত কৃষকসকল অনাদৃত আৰু উপেক্ষিত হৈ ৰয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/79fb57f2-e1fe-4179-94a4-57f7d4c79a8c/04da8c8a_8320_4cc7_9eea_2920532ae54e.jpg)
বিভিন্ন সময়ত কৃষকসকলৰ সজাগতাৰ অভাৱৰ বাবেই উন্নয়নমুখীতা সম্ভৱ হৈ নুঠে ৷ সেয়েহে সমূহ কৃষক ৰাইজক সুসংগঠিত কৰি তেওঁলোকক আগুৱাই নিয়াই আমাৰ প্ৰধান লক্ষ্য বুলি সদৰী কৰি তেওঁ মৎস্য পালনৰ ক্ষেত্ৰত মোৱা, কাৱৈ, গৰৈ, ডৰিকনা আদি মাছৰ পালনৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনাই সভাত উপস্থিত মীন পালকসকলক ৷ পুস্কৰজ্যোতি মহন্তই সম্পাদকীয় প্ৰতিবেদন পাঠ কৰা সভাখনত মীন বিষয়া হাচিনা মমতাজে মীন উৎপানৰ ক্ষেত্ৰত মীন পালকসকলে চৰকাৰী বিভিন্ন সা-সুবিধাৰ লাভ কৰাৰ আঁচনি সন্দৰ্ভত বিস্তৃত বাখ্যা আগবঢ়ায় ৷ লগতে বিষয়াগৰাকীয়ে মে’ মাহৰ পৰা জুলাই মাহ পৰ্যন্ত মাছে কণী পৰাৰ সময়ত মাছ নধৰিবলৈ সকলো পক্ষকে আহ্বান জনায় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/9c4f0482-18ef-452c-8d79-ac07a9107212/7aaf0ee2_9ae9_4dd0_b8ef_a7a5df0aef98.jpg)
এই সময়চোৱাত মৎস্য চিকাৰ কৰি জীৱন নিৰ্বাহ কৰা সকলৰ বাবে চৰকাৰে এককালীন সাহাৰ্য দিয়াৰ ব্যৱস্থাও আছে বুলি জানিবলৈ দিয়ে । পি ডব্লিউ চিৰ বিষয়া শুভ্ৰম গোস্বামীয়ে পেচাদাৰী হিচাপে সকলোকে মৎস্য পালন কৰিবলৈ আহ্বান জনায় ৷ এপাৰ্টৰ বিষয়া অংকুৰ গোস্বামীয়ে কৃষক ৰাইজক উদ্দেশ্যি কয়- আমি মৎস্য অথবা যিকোনো কৃষি কাৰ্য বাণিজ্যলৈ পৰ্যবসিত নঘটালে অথবা বজাৰ দখল নকৰিলে আমাৰ আৰ্থিক আয় কদাপিও বিকশিত নহ’ব ৷ সেয়েহে আমাৰ পৰম্পৰাগত সকলো কৃষি পদ্ধতি বাণিজ্যমুখী কৰাত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/3bcb35b1-5964-4b99-a388-37bfccac08a2/80c319ee_facf_4481_845c_3d8e742a5f45.jpg)
কেইবাগৰাকীও অংশীদাৰক লাভাংশ বিতৰণ কৰা উক্ত সভাত সভাপতিৰ বক্তব্যত মণিমাধৱ মহন্তই কয়- মীন পালন এতিয়া মৎস্য জীৱিসকলৰ মাজতে সীমাবদ্ধ হৈ থকা নাই বৰঞ্চ মৎস্য পালন সম্প্ৰতি উদ্যোগলৈ পৰিণত হৈছে ৷ অসমৰ মুখ্যমন্ত্ৰী আৰু কৃষি মন্ত্ৰী অতুল বৰাৰ চিন্তাৰে মীন পালনক এক উদ্যোগ হিচাপে গঢ়ি তোলাৰ লক্ষৰে বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে বুলি মন্তব্য কৰে। লগতে তেওঁ কয় যে মীন পালকসকলক এতিয়া কৃষক ৰূপে গণ্য কৰা হয় ৷ মৎস্য পালনৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ বহুতো উপাদান আছে বুলি মন্তব্য কৰি মহিলা সবলীকৰণৰে গ্ৰাম্য অৰ্থনীতি বিকশিত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ৷ তেওঁ মহিলা আই মাতৃসকলক নিজৰ ঘৰখনকে এটা উদ্যোগলৈ পৰ্যবসিত কৰি বিহুৱান তথা তেনেধৰণৰ আনুসাংগিক উৎপাদনমুখী কামত হাত উজান দিবলৈও আহ্বান জনায় ৷
"দেশৰ ৰাজনীতিত আদানি-আম্বানীৰ পাছত লাগি থাকিলে হয়তো এটা শ্ল'গানহে হ'ব পাৰে । কিন্তু আমাৰ গ্ৰাম্য জীৱনৰ মহিলাসকলক উলিয়াই আনি আত্মসংস্থাপনৰ পথ মুকলি কৰাৰ যদি বিতৰ্ক হয় তেতিয়া সেই ৰাজনীতিয়ে জাতীয় অৰ্থনীতি গঠন কৰিব আৰু গ্ৰাম্য অৰ্থনীতি সবল কৰিব । সেয়ে আদানি-আম্বানীৰ পাছত লাগি থকা সকলৰ প্ৰতি অনুৰোধ তেওঁলোকে অসমৰ স্বাভীমান, জাতীয় স্বাভীমান কেনেকৈ ৰক্ষা কৰিব পাৰি, আমাৰ অৰ্থনৈতিক ভেটি কেনেকৈ শক্তিশালী কৰিব লাগে তাৰ বাবে চৰকাৰী ব্যৱস্থাক গাঁৱৰ প্ৰান্তে প্ৰান্তে সোমাই থকা মহিলা আত্মসহায়ক গোট বা শিক্ষিত নিবনুৱাসকলক লৈ চিন্তা কৰক, তেতিয়াহে জাতীয় অৰ্থনীতি, ৰাজনৈতিক অৰ্থনীতি শক্তিশালী হ'ব বুলি মন্তব্য কৰি মীন পালন ও কৃষি ফার্মাৰ প্রডিউচাৰ কোম্পানী লিমিটেডে।
Also Read: লেচিয়া নদীত গা-ধুৱলৈ গৈ কিশোৰ ছাত্ৰৰ মৃত্যু