লেচিয়া নদীত গা-ধুৱলৈ গৈ কিশোৰ ছাত্ৰৰ মৃত্যু

চিত্তৰঞ্জন তামুলী ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথমবৰ্ষৰ ছাত্ৰ আছিল।

author-image
Asomiya Pratidin
New Update
লেচিয়া নদীত গা-ধুৱলৈ গৈ কিশোৰ ছাত্ৰৰ মৃত্যু

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি মিলন নগৰৰ কিশোৰ ছাত্ৰ চিত্তৰঞ্জন তামুলী(১৭)য়ে শনিবাৰে বিয়লি ধেমাজি লেচিয়া নদীত গা-ধুৱলৈ গৈ মৃত্যুক আঁকোৱালি লোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷ চিত্তৰঞ্জন তামুলী ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথমবৰ্ষৰ ছাত্ৰ আছিল। জানিব পৰা অনুসৰি ছাত্ৰজনে বিদ্যালয়ত অনুষ্ঠিত হৈ থকা পৰীক্ষা শেষ কৰি বন্ধুৰ সৈতে বিয়লি লেচিয়া নদীত গা-ধুৱলৈ যায়।

Advertisment

গা-ধুই থকা অৱস্থাতে ছাত্ৰজন মৃত্যুমুখত পৰে। ঘটনাৰ পিছতেই ততাতৈয়াকৈ ধেমাজি এচ ডি আৰ এফ বাহিনী আৰু ধেমাজি আৰক্ষীয়ে অভিযান চলাই বহু সময়ৰ পিছত ছাত্ৰজন মৃতদেহ উদ্ধাৰ কৰে ৷ মেধাৱী ছাত্ৰজনৰ মৃত্যুৰ খবৰত বিদ্যালয়খনৰ লগতে সমগ্ৰ ধেমাজি অঞ্চলতেই শোকৰ ছাঁ পৰে ৷

Also Read: ভিন্ন কাৰ্যসূচীৰে আজি উন্মোচন হ'ল “নীল নক্ষত্ৰৰ সুৰ”

Assam police