কলিয়াবৰত পথ দুৰ্ঘটনাঃ নিহত ৬ বছৰীয়া ছাত্ৰী

কলিয়াবৰত পথ দুৰ্ঘটনাঃ নিহত ৬ বছৰীয়া ছাত্ৰী

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰৰ আখিৰঙাত সম্প্ৰতি শোকাকুল পৰিৱেশ। পথৰ কাষত পৰি ৰৈছে এটি কণমানি ছাত্ৰী গৰাকীৰ স্কুল বেগ। মুহূৰ্ততে হেৰাই গ'ল বিদ্যালয়ৰ পৰা ঘৰলৈ বুলি ৰাওনা হোৱা কণমানি নিকিতা।

কলিয়াবৰৰ হাটবৰ-বামুনী পথৰ আখিৰঙাত শনিবাৰে দুপৰীয়া সংঘটিত হয় এক শোকাবহ দুৰ্ঘটনা। বিদ্যালয়ৰ পৰা ঘৰলৈ উভতা পথত ইটাভৰ্তি এখন বাহনৰ খুন্দাত থিতাতে নিহত হয় নিকিতা শইকীয়া নামৰ এগৰাকী ৬ বছৰীয়া ছাত্ৰী।

কলিয়াবৰ শিশু নিকেতনৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী নিকিতা এখন টেম্পোত উঠি ঘৰলৈ উভতিছিল। ঘৰৰ সমীপত টেম্পোৰ পৰা নামি পথ পাৰ হ'ব খোজোতেই তীব্ৰ বেগী এখন ইটা পৰিবাহী বাহনে ছাত্ৰীগৰাকীক খুন্দা মাৰে। দুৰ্ঘটনাটোত আখিৰঙাৰ নয়নজ্যোতি শইকীয়া আৰু মনি শইকীয়াৰ একমাত্ৰ কন্যা নিকিতা শইকীয়া থিতাতে নিহত হয়।

দুৰ্ঘটনা সংঘটিত কৰি ইটা ভৰ্তি এ এচ ০৫ এচি ৫০০১ নম্বৰৰ এই পিকআপ বাহনখন পলায়ন কৰে। পৰৱৰ্তী সময়ত জখলাবন্ধা আৰক্ষীয়ে বাহনখন জব্দ কৰে। ইফালে দুৰ্ঘটনাৰ পিছতে অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। একমাত্ৰ কন্যাক হেৰুৱাই শোকাভিভূত হৈ পৰা পিতৃ-মাতৃ দুয়োকে কলিয়াবৰ মহকুমা চিকিৎসালয়ত ভৰ্তি কৰিব লগা হয়।

কলিয়াবৰত পথ দুৰ্ঘটনাঃ নিহত ৬ বছৰীয়া ছাত্ৰী
আউনীআটী কমলদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ সজাগতা সভা সম্পন্ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in