/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/5485efbf-b770-4238-b2f7-07092ff89b11/176.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী : অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ উদ্যোগত ৪ মে’ শনিবাৰে উত্তৰ গুৱাহাটীস্থিত আউনীআটী কমলদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন কেৰিয়াৰ সজাগতা সভা অনুষ্ঠিত হয় । সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই আৰু সহকাৰী অধ্যাপক কমলদীপ কলিতা ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/8ba972e8-f824-42ac-9f88-eca675a856d9/aa53b5a9_7fe2_4f11_804e_603f412ec818.jpg)
আউনীআটী কমলদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থী তথা শিক্ষক-শিক্ষয়ত্রী উপস্থিত থকা কেৰিয়াৰ সজাগতা সভাখনত সমল ব্যক্তিৰ পৰিচয় দাঙি ধৰে মমী গায়ন দাসে। সভাখনৰ আঁত ধৰে ড° আকাশী বৰুৱাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/28a59324-fc06-42b5-aa72-5197c9e9c7c4/aadca40d_f83f_4765_aebf_60f518720371.jpg)
সমল ব্যক্তি ড° বুলজিৎ বুঢ়াগোহাঁয়ে ব্যক্তিত্বৰ লগতে নিজৰ ৰাপ,পাৰদৰ্শিতা অনুসৰি শিক্ষাৰ্থীসকলে উচ্চতৰ মাধ্যমিকত শাখা তথা বিষয়বোৰ কেনেকৈ নিৰ্বাচন কৰিব লাগে সেই সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। লগতে উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান , বাণিজ্য বা বৃত্তিমুখী শাখাত শিক্ষাগ্ৰহণ কৰি নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে শিক্ষাৰ্থীসকলে কিদৰে সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰে সেই বিষয়ে বাখ্যা আগবঢ়ায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/9952f909-0416-4eda-a097-e42994ca7237/c67b6460_208b_4f03_b65f_92b2134873be.jpg)
কামৰ যে কোনো সৰু বৰ নাই সেই কথা ড° বুঢ়াগোহাঁয়ে উক্ত সভাত উল্লেখ কৰে। আই টি আইৰ বিভিন্ন ট্রেড আৰু পলিটেকনিকৰ তিনি বছৰীয়া ডিপ্লমা পাঠ্যক্রমৰ বিষয়েও ড° বুঢ়াগোহাঁয়ে আলোচনা কৰে। তেওঁ বাতৰিকাকত পঢ়াৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/a05b6d6b-94f7-4c46-84e8-3fb2cb1bb0d6/8465e599_fb4f_4f2d_97a4_76bd705f2806.jpg)
বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষা তথা নিযুক্তিৰ বাবে আয়োজন কৰা সাক্ষাৎকাৰবোৰত সাধাৰণ জ্ঞানৰ প্রয়োজনীয়তাৰ বিষয়ে আলোচনা কৰে । ড° বুলজিৎ বুঢ়াগোহাঁয়ে সভাত অংশগ্রহণ কৰা শিক্ষাৰ্থীসকলৰ বিভিন্ন প্রশ্নৰ উত্তৰ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/d2e03cf9-0652-43ae-987c-14d685edc2c3/4522d085_add5_4391_a373_b7fd9d9a1a0d.jpg)
লগতে প্ৰতি শনিবাৰে বিয়লি ৬-০০বজাৰ পৰা নিশা ৯-০০বজালৈ ফোনযোগে (৯৪৩৫১৮৮৬৩০) বিনামূলীয়াকৈ আগবঢ়োৱা কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে । আন গৰাকী সমল ব্যক্তি কমলদীপ কলিতাই শিক্ষাৰ্থীসকলক নিজৰ কেৰিয়াৰত এটা লক্ষ্য থকাৰ গুৰুত্বৰ বিষয়ে অৱগত কৰে।
তেওঁ প্ৰযুক্তিভিত্তিক শিক্ষণৰ ব্যৱহাৰৰ বিষয়েও ব্যাখ্যা কৰে আৰু শিক্ষাৰ্থীসকলৰ শৈক্ষিক দিশত ইণ্টাৰনেটৰ সঠিক ব্যৱহাৰৰ বিষয়েও অৱগত কৰে। কেৰিয়াৰ সজাগতা সভাখনত আউনীআটী কমলদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পূৰৱী ভৰালীয়ে শলাগৰ শৰাই আগবঢ়ায়।
Also Read: ৰঙাগড়াত পথ দুৰ্ঘটনা : নিয়ন্ত্রণ হেৰুৱাই ডিভাইদাৰত খুন্দা স্কৰপিঅ’ বাহনৰ