মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ নগাঁৱৰ কচুৱাৰ বিশেষভাৱে সক্ষম ছাত্র...

শাৰীৰিক অক্ষমতা শিক্ষাৰ হেঙাৰ হ'ব নোৱাৰে। এই কথাষাৰক পুনৰবাৰ প্ৰমাণ কৰিলে হাচানুল মাজিদ নামৰ এজন ছাত্ৰই।

author-image
Asomiya Pratidin
New Update
মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ নগাঁৱৰ কচুৱাৰ বিশেষভাৱে সক্ষম ছাত্র...

ডিজিটেল সংবাদ, নগাঁও : বিশেষভাবে সক্ষমতা শিক্ষাৰ হেঙাৰ হ'ব নোৱাৰে। এই কথাষাৰক পুনৰবাৰ প্ৰমাণ কৰিলে হাচানুল মাজিদ নামৰ এজন ছাত্ৰই। সদ্যঘোষিত মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা হাচানুল মাজিদ বিশেষভাৱে সক্ষম।

Advertisment

জন্মৰ পৰাই নিজে একো কৰিব নোৱাৰা হাচানুলে প্ৰমাণ কৰিলে যে ইচ্ছা আৰু আগ্ৰহ শক্তি থাকিলে সকলো অসম্ভৱকো সম্ভৱ কৰিব পাৰি। নগাঁৱৰ কচুৱা সাতলুঙাৰ গাঁৱৰ মজিবুৰ ৰহমান আৰু হাচিনা ইয়াচমিনৰ একমাত্ৰ পুত্ৰৰ এনে ফলাফলৰ বাবে পিতৃ-মাতৃৰ চকুত এতিয়া আনন্দৰ চকুলো।

হাচানুলে পঢ়াৰ সময়ত নিজে কিতাপৰ পাতও লুটিয়াব নোৱাৰা পিতৃ-মাতৃয়ে সম্পূৰ্ণ সহায় কৰাৰ ওপৰিও পৰীক্ষাত অন্য লেখকৰ সহায়ত পৰীক্ষা দি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। ভৱিষ্যতে চিকিৎসক হোৱাৰ সপোন বিশেষভাবে সক্ষম মেধাৱী ছাত্র হাচানুলৰ। মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰীৰ সহায় বিচাৰি আহ্বান হাচানুল মাজিদৰ।

Also Read: বন্যপ্ৰাণী সুৰক্ষাৰ বাবে কাজিৰঙাৰত উৰণীয়া সেতু নিৰ্মাণৰ প্ৰস্তুতি...

GOVT OF ASSAM