/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-05/w5u7zm4u/10.jpg)
ডিজিটেল সংবাদ,নগাঁওঃ সাপে দংশন কৰিলে ওজা বা বেজ বিচাৰি হাবাথুৰি খোৱাৰ আৰু প্ৰয়োজন নাই ৷ নগাঁও জিলাৰ বৃহত্তৰ কচুৱাবাসীৰ বাবে আহিল ভাল খবৰ ৷ সৰ্প দংশন কৰা গৰ্ভৱতী মহিলাক সুস্থ কৰি তুলিলে কচুৱা মডেল হাস্পতালৰ এদল চিকিৎসকে ৷
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, বৃহস্পতিবাৰে কচুৱাৰ পমিলা জাৰনীৰ এগৰাকী গৰ্ভৱতী মহিলাক সাপে দংশন কৰিছিল ৷ ইয়াৰ পাছতেই মহিলা গৰাকীক কচুৱা মডেল হাস্পতালত ভৰ্তি কৰে ৷
হস্পতালখনৰ চিকিৎসক ক্ৰমে আব্দুল কায়ুম, উজমা তবাচুম, বদৰুল ইছলাম আৰু ইকবাল ৱাদুদে যাৱতীয় চিকিৎসা প্ৰদান কৰি মহিলা গৰাকীক সম্পূৰ্ণ সুস্থ কৰি তোলে।
এই ঘটনাক লৈ ৰোগীৰ পৰিয়ালৰ লগতে ৰাইজেও চিকিৎসক সকলক ধন্যবাদ জ্ঞাপন কৰে৷ বিশেষকৈ কচুৱা মডেল হাস্পতালত সৰ্প দংশন ৰোগীক আৰোগ্য কৰিব পৰা খবৰে উৎফুল্লিত কৰি তুলিছে কচুৱাবাসীক।
Also Read: হাজোত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে শতাধিক মহিলাৰ উত্তাল প্ৰতিবাদ
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us